শিহৰণকাৰী, উৰন্ত বিমানত বোমাতংক, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বুলি উৰা মাৰিছিল বিমান, পাছে…
এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ ভাবুকিৰ বাবে সৃষ্টি হৈছে চাঞ্চল্য। ক্ষন্তেকতে বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ কৰা হয়। বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিছিল যদিও এতিয়া বিমানখন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত থিয় হৈ আছে।
ভাবুকি পোৱাৰ লগে লগে ক্ৰুক সতৰ্ক কৰি দিয়া হয় আৰু বিমানখন দিল্লীত অৱতৰণ কৰে। যাত্ৰীসকলক উদ্ধাৰ কৰি বিমানখনৰ প্ৰতিটো কোণত তালাচী চলায়। যাত্ৰীসকলৰ লগতে তেওঁলোকৰ লাগেজো পৰীক্ষা কৰা হয়। বিমানবন্দৰৰ কৰ্মচাৰীৰ লগতে দিল্লী আৰক্ষীও হাই এলাৰ্টত আছে।
বিমান সংস্থাটোৱে ৰাইজক সহযোগিতা আৰু কোনো ধৰণৰ ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। সকলো যাত্ৰী আৰু ক্ৰু সদস্য সুৰক্ষিত। বিষয়টোৰ ওপৰত গভীৰ তদন্ত কৰা হ’ব বুলি প্ৰকাশ বিমান সন্থাটোৰ।
উল্লেখ্য যে, কালি ইণ্ডিগো বিমান সংস্থাৰ এখন বিমানতো বোমাৰ ভাবুকি আহিছিল। এই বিমানখনে চেন্নাইলৈ উৰা মাৰিছিল আৰু বিমানখনত আছিল প্ৰায় ১৬৯ গৰাকী যাত্ৰী। এই যাত্ৰীসকলৰ ভিতৰত আছিল দেশৰ এজন মন্ত্ৰী আৰু এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিমানবন্দৰৰ কৰ্মচাৰীয়ে এই বিমানত বোমা থকাৰ তথ্য লাভ কৰিছিল এখন পত্ৰৰ জৰিয়তে। বোমা আৰু কুকুৰৰ দলৰ সৈতে বিমানখনৰ প্ৰতিটো কোণত তালাচী চলোৱা হৈছিল যদিও সন্দেহজনক একো পোৱা নগ’ল। তদন্তত সন্তুষ্ট হোৱাৰ পিছতহে বিমানখনে সন্ধিয়া ৬ বজাত চেন্নাইৰ পৰা উৰা মাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















