ভয়াৱহ বিমান দুৰ্ঘটনা৷ পৰিস্থিতিৰ ভয়াৱহতাত কঁপি উঠিছে সমগ্ৰ বিশ্ব৷ আশংকা বিমানৰ প্ৰায় সকলো যাত্ৰীয়েই মৃত৷ দুৰ্ঘটনাস্থল, হাস্পতালসমূহৰ সন্মুখত এতিয়া হাহাকাৰ৷ আত্মীয়, প্ৰিয়জনক চিনাক্ত কৰিবলৈকো এতিয়া খুবেই কঠিন হৈ পৰিছে৷ আহমেদাবাদৰ আছাৰৱা চিভিল হাস্পতালৰ জেনেৰেল বেডত শুই এজন যুৱকে দাবী কৰিছে যে তেওঁৱো সেই বিমানতেই আছিল৷ সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি জীৱন্তে উদ্ধাৰ হোৱা ব্যক্তিজনৰ বয়স ৪০বছৰ৷ তেওঁৰ নাম ৰমেশ কুমাৰ বিশ্বাস৷ তেঁৱো সেই বিমানতেই আছিল৷ সেই বিমানতেই আছিল তেওঁৰ ভাতৃও৷
যুৱকৰ এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ ছবিও ভাইৰেল হৈছে৷ বুকু, চকু আৰু শৰীৰৰ একাধিক স্থানত তেওঁৰ গভীৰ ক্ষত৷ সৰ্বভাৰতীয় সংবাদ মাধ্যম সূত্ৰৰ খবৰ অনুসৰি সেই যুৱকে জনাইছে যে উৰণৰ কেইছেকেণ্ডৰ পাছতেই বিকট শব্দ শুন যায়৷ তাৰপিছতেই ভাঙি পৰে বিমানখন৷ সেই বিমানত তেওঁৰ ভাতৃও আছিল৷ দুৰ্ঘটনাৰ পাছতেই তেঁৱো জ্ঞান হেৰুৱাই পেলাইছিল৷ জ্ঞান ঘূৰি আহোতে চৌদিশে চিটিকি পৰি আছিল মৃতদেহ৷ তাৰপৰা দৌৰি বাহিৰলৈ ওলাই আহিছিল তেওঁ৷ তেওঁ জনোৱা অনুসৰি প্ৰায় ২০ বছৰ ধৰি তেওঁ লণ্ডনত আছে৷ তেওঁৰ পত্নী আৰু পুত্ৰ এতিয়াও লণ্ডনতেই আছে৷ জ্ঞান ঘূৰি আহোতে তেওঁ ভাতৃক বিচাৰিছিল যদিও কতো দেখা নাপালে৷
ডি জি চি এৰ ৰিপৰ্ট অনুসৰি উৰণৰ সময়ৰ পৰা মাত্ৰ ৬২৫ ফুট উচ্চতালৈ উঠি প্ৰতি মিনিটত ৪৭৫ ফুট হাৰত তললৈ নামিবলৈ ধৰে বিমানখন৷ পাইলটে প্ৰতিক্ৰিয়া জনোৱাৰ বাবে ১ মিনিটতকৈ কম সময় পাইছিল৷ উৰণৰ সামান্য সময়ৰ ভিতৰতেই বিমানখন এখন মেডিকেল কলেজৰ হোষ্টেলৰ ওপৰত ভাঙি পৰে আৰু লগে লগে ভয়াৱহ বিস্ফোৰণ ঘটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















