অসম লাইভ ২৪ঃ ‘মিঞা মিউজিয়াম আমাৰ দাবী নাছিল। যিটো মিউজিয়াম স্থাপন হৈছে তাৰ সামগ্ৰীবোৰ দেখিছো। মিউজিয়ামটোৰ সামগ্ৰীবোৰ দেখি মই নষ্টালজিক হৈ পৰিছো।’ জনীয়াৰ AIUDF বিধায়ক ৰফিকুল ইছলামে মিঞা মিউজিয়ামক লৈ কৰিছে এই মন্তব্য।
অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰেই নিজা মিউজিয়াম আছে। মিঞাসকলে মিউজিয়াম খোলাতনো কি আপত্তি থাকিব লাগে। ৰাভা, বড়ো, মিচিং, চাহ জনগোষ্ঠী, মিঞা সকলো অসমীয়াই। মিঞাসকলৰো নিজা কৃষ্টি সংস্কৃতি আছে, সংৰক্ষণ কৰাটো কোনো অপৰাধ নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ