আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মীসভা অনুষ্ঠিত কৰি নিৰ্বাচনী কুচকাৱাজ চলাইছে ৰাজনৈতিক দলসমূহে। ইতিমধ্যে ধুবুৰীৰ কেইবাখনো কৰ্মী সভাত বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাবে বুধবাৰে পুনৰ অনুষ্ঠিত হয় AIUDF ৰ এখন কৰ্মী সভা। ধুবুৰী আৰু দক্ষিণ শালমাৰা সমষ্টি ভিত্তিত ধুবুৰী সমষ্টিৰ ডোঙৰপাৰত অনুষ্ঠিত হয় AIUDF ৰ কৰ্মী সভা। সভাত উপস্থিত থাকে বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু আমিনুল ইছলাম।
অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে AIUDF -এ। কেৱল প্ৰতিদ্বন্দ্বিতা কৰাই নহয় তিনিওটা সমষ্টিতে বিজয় নিশ্চিত বুলিও দাবী কৰি আহিছে দলটোৰ নেতা-কৰ্মীসকলে। ইয়াৰ মাজতে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সত AIUDF নথকাৰ কথাও চৰ্চিত হৈ আহিছে দীৰ্ঘদিনৰ পৰা। তুমুল বাকযুদ্ধ চলি আছে কংগ্ৰেছ আৰু AIUDF ৰ মাজত। ইয়াৰ মাজতে বুধবাৰৰ কৰ্মী সভাত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় AIUDF ৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই।
লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিবলৈ বিৰোধী মিত্ৰজোঁটৰ সমানে সংকল্পবদ্ধ AIUDF দলো। তেনেক্ষেত্ৰত ইণ্ডিয়া এলায়েন্সত AIUDF ক নাৰাখিলেও তিনিখন আসন বাদ দি বাকী সকলো সমষ্টিতে ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীক AIUDF -এ সমৰ্থন কৰিব বুলি মন্তব্য কৰে কৰিম উদ্দিন বৰভূঞাই। বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত এই ত্যাগ দিব AIUDF য়ে।
AIUDF ৰ নেতাদ্বয়ে কংগ্ৰেছ দল তথা ভূপেন বৰাক তীব্ৰ সমালোচনাও কৰে। AIUDF নহয় বৰঞ্চ কংগ্ৰেছহে বিজেপিৰ ‘বি টীম’ বুলি দাবী জনায় দলটোৰ নেতাসকলে। কেৱল গৌৰৱ গগৈৰ বাহিৰে কংগ্ৰেছৰ সকলো বিধায়কসহ ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথামতেই উঠা বহা কৰে বুলিও অভিযোগ আনে।
ধুবুৰী লোকসভা সমষ্টিত অধিক ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলৰ জয় নিশ্চিত বুলি দাবী কৰি লোকসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপিৰ পৰাজয় আশা কৰিছে AIUDF ৰ নেতা-কৰ্মীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ