অসম লাইভ২৪ঃ ‘হিন্দুসকলে ৪০ বছৰলৈকে বহুতৰে সৈতে অবৈধ সম্পৰ্ক ৰাখে। ৪০ বছৰ পাছত বাধ্যত পৰি বিয়াত বহে হিন্দুলোকে। এনেকৈ ৪০ বছৰ পাছত বিয়া পাতিলে ক’ত সুস্থ সৱল সন্তান জন্ম হ’ব?’ সময়ত খেতি নকৰিলে ক’ত ভাল ফল পাব বুলি মন্তব্য কৰিছে এআইইউডিএফ নেতা বদৰুদ্দিন আজমলে।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীক লৈয়ো তীৰ্যক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীক দুই তিনিজনী মুছলমান ছোৱালী পলুৱাই নিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। লগতে ক’ত নি ৰাখে সেই কথা যাতে প্ৰকাশ কৰে, তেতিয়া নিশ্চয়কৈ মিঠাই খাবলৈ যাম বুলিও মন্তব্য কৰিছে আজমলে। আনহাতে ঘৰতেই মুছলমান ছোৱালী ৰাখি লাভ জেহাদ কৰক, কঁকালত কিমান জোৰ আছে চাম বুলিও অশালীন মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ