অসম লাইভ ২৪ঃ কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা বিধানসভাৰ মজিয়ালৈ বৰ্ণিল যাত্ৰা অখিল গগৈৰ। প্ৰতিশ্ৰুতিৰ ভুৱা আশ্বাসেৰে নহয়, বিশ্বাসৰ ভেঁটিত নিৰ্বাচিত হৈছে বিপ্লৱী নেতাগৰাকী। নৱনিৰ্বাচিত বিধায়ক অখিল গগৈৰ নতুন ঠিকনা MLA হোষ্টেলৰ ৫৩নং কুটীৰ। MLA হোষ্টেলৰ ৫৩নং কুটীৰৰ সন্মুখত অখিল গগৈৰ ফলক। অখিল গগৈক আৱণ্টন দিয়া হৈছে বৃন্দাৱন গোস্বামী থকা আৱাসগৃহটো। ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে। ১১,৭৭৯টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ বিৰুদ্ধে জয়ী হয় ৰাইজৰ দলৰ সভাপতিগৰাকী। কাৰাৰুদ্ধ অখিল গগৈৰ অনুপস্থিতিতেই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰাইজৰ দলে। বিপ্লৱী নেতাগৰাকীৰ জয়ত উৎফুল্লিত ৰাজ্যবাসী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















