অসম লাইভ ২৪ঃ সময় খুব ভাল গৈছে বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়ৰ। ২০২০ চনৰ Highest Paid অভিনেতাৰ তালিকা প্ৰকাশ কৰিছে বিশ্ববিখ্যাত মেগাজিন ‘ফবর্ছ’এ। সেই তালিকাৰ প্ৰথম দহৰ ভিতৰত স্থান পাইছে একমাত্ৰ ভাৰতীয় অভিনেতা অক্ষয় কুমাৰে। এই তালিকাৰ শীর্ষত আছে হলীউড অভিনেতা ডুয়েন জনচন। তালিকাৰ ষষ্ঠ স্থানত আছে অক্ষয় কুমাৰ। উল্লেখযোগ্য যে ২০১৯ চনৰ জুন মাহৰ ২০২০ চনৰ জুনলৈকে তালিকাৰ শীর্ষত থকা অভিনেতা জনচনে উপার্জন কৰিছে ৮৭.৬ মিলিয়ন ডলাৰ। তাৰ পাছতে অভিনেতা ৰায়ান ৰেণল্ডছে উপার্জন কৰিছে ৭১.৫ মিলিয়ন ডলাৰ। সেই সময়ছোৱাত অক্ষয় কুমাৰৰ আয় ৪৮.২ মিলিয়ন ডলাৰ। এই তালিকাত থকা অন্যান্যসকলক হৈছে মার্ক ওয়ালবার্ড, ভীনন ডিজেল, উইলছ স্মিথ, জাকি চান প্ৰমুখ্য। জনা গৈছে যে অক্ষয় কুমাৰৰ উপার্জনৰ মূল্য আহিছে বিজ্ঞাপনৰ পৰা। ক’ৰোনা ভাইৰাছৰ বাবে অক্ষয় কুমাৰৰ কোনো ছবি মুক্তি পোৱা নাই। যদি ছবিগৃহত ছবি মুক্তি হ’ল হয়, তেতিয়া হ’লে অক্ষয়ৰ উপার্জন অধিক বৃদ্ধি হ’ল হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















