অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় যুটি অক্ষয় কুমাৰ আৰু টুইংকল খান্নাই পাৰ কৰিলে যুগ্ম জীৱনৰ ২০ টাকৈ বছৰ। বিবাহ বাৰ্ষিকীৰ দিনটোত ছ’চিয়েল মিডিয়াত পত্নী টুইংকলৰ সৈতে এখন ধুনীয়া ফটো শ্বেয়াৰ কৰে অক্ষয় কুমাৰে। ফটোখনৰ সৈতে তেওঁ লিখিছে এটা সুন্দৰ কেপচন। ফটোখন আপলোড কৰাৰ লগে লগেই শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে। উল্লেখযোগ্য যে ২০০১ চনত বিবাহপাশত আবদ্ধ হৈছিল বলীউডৰ এই দুই যুটিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ