আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…
ৰাখে হৰি মাৰে কোনে কথাসাৰ আজিৰ দিনাই এক আচৰিত ঘটনাৰে সঁচা প্ৰমাণিত হয়। একেবাৰে আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই আল্লাই ৰক্ষা কৰিলে এটা মুৰ্গীৰ প্ৰাণ।
হালাল কৰাৰ পাছতো জীৱিত এটা মুৰ্গী। হয় আচৰিত যেন লাগিলেও একেবাৰে সত্য ঘটনা। আজি পবিত্ৰ ঈদৰ দিনাই সংঘটিত হৈছে এই ঘটনা। হালালৰ পাছতে এতিয়া সম্পূৰ্ণ সুস্থ হিচাপে ঘুৰি আছে মুৰ্গীটো।
মানকাচৰৰ বাঘাৰচত এই আজব কাণ্ড সংঘটিত হৈছে। আজি ঈদৰ দিনা পুৱা ৭ বজাত হালাল কৰা হৈছিল এটা মুৰ্গী। কিন্তু হালালৰ পাছত ডিঙি আৰু মূৰৰ নোম আঁতৰাই দিয়াৰ পাছতো এতিয়াও জীৱিত হৈ আছে মুৰ্গীটো।
ঈদ উপলক্ষে গৃহৰক্ষী জোৱান আব্দুল মোন্নাফ নামৰ লোকজনে লোকেল মুৰ্গীটো বজাৰৰ পৰা কিনি আনিছিল। পাছত সেই মুৰ্গীটো হালাল কৰাৰ বাবে লৈ যায়। কিন্তু হালাল কৰাৰ পাছতো যেতিয়া মুৰ্গীটো নমৰে তেতিয়াই হাহাকাৰ লাগি যায়।
লগে লগে সেই ঠাইত উপস্থিত হয় বহু লোক। ঘটনাক লৈ গাঁওখনত কৌতুহলৰ সৃষ্টি হৈছে। লোকে লোকাৰণ্য হৈ পৰে আব্দুল মোন্নাফৰ ঘৰ।
মুৰ্গীটো বাছি যোৱাত লগে লগে পশু চিকিৎসকক মাতি পঠোৱা হয়, ইতিমধ্যে চিকিৎসক এজনে মুৰ্গীটোৰ চিকিৎসা সেৱা আৰম্ভ কৰিছে।
শুশ্ৰুষাৰ পাছত এতিয়া মুৰ্গীটো সম্পূৰ্ণ ঠিকভাৱে ঘুৰাফুৰা কৰি আছে। যাৰ বাবে বহু লোকেই কবলৈ ধৰিছে এয়া সকলো আল্লাৰ চমৎকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ