• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

4 years ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

21 minutes ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

1 hour ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

3 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

3 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

4 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

5 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

5 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

6 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

7 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

editor by editor
June 23, 2022
in বিবিধ
0
অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদক্ষিণা ভূঞাঃ অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ। অসমৰ গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰ সমগ্ৰ বিশ্বতে পৰিচিত শক্তিপীঠ৷ এই কামাখ্যা মন্দিৰ তন্ত্ৰ সাধনাৰ অন্যতম পীঠ। জনশ্ৰুতি, ধৰ্মীয় আস্থা আৰু লৌকিক মান্যতা অনুসৰি এই স্থানতেই দেৱী সতীৰ গৰ্ভ তথা যোনি অংশ পৰিছিল। নাৰীৰ জীৱনত ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া। দেৱীৰ মাজতো এই বিষয়টো বিদ্যমান। প্ৰতি বছৰে এটা নিৰ্দিষ্ট সময়ত দেৱী আদ্যশক্তি মা কামাখ্যা ঋতুমতি হয়। এয়া হিন্দুৰ বিশ্বাস।

ঋতুমতী হোৱা এই সময়ছোৱাক অম্বুবাচী নামেৰে নামকৰণ কৰা হৈছে। অম্বুবাচী শব্দটো সংস্কৃত শব্দ। অম্বু মানে পানী আৰু বাচী মানে যাপন কৰা। অৰ্থাৎ পানীত থকা বা বাস কৰা বা যাপন কৰা। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আহাৰ মাহৰ যিটো দিনত যি সময়ত মিথুন ৰাশিত আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদলৈ গমন কৰে সেই সময়কালৰ পৰা মাতৃস্বৰূপা পৃথিৱী তথা আদ্যশক্তি মহামায়া ঋতুমতী হয় বা অম্বুবাচী আৰম্ভ হয়। সূৰ্যৰ মিথুন ৰাশি গমনৰ সময়ৰ পৰা আৰম্ভ হৈ তিনিদিন অম্বুবাচীৰ স্থিতি।

আহাৰ মাহৰ ৭ দিনৰ পৰা তিনিদিন এই সময়খিনি ‘অম্বুবাচী’ বুলি পালন কৰা হয়। দেৱীৰ পানীত বাস। হিন্দু ধৰ্মত অতীতৰে পৰা ঋতুমতী বা ৰজশ্বলা হোৱা এই কথাটো গুৰুত্ব সহকাৰে মানি অহা হৈছে। মাহেকীয়া হোৱা বা ঋতুমতী হোৱা যি প্ৰক্ৰিয়া সেয়া হৈছে উৰ্বৰা শক্তিৰ প্ৰতীক। এজনী ছোৱালী প্ৰথম ঋতুমতী বা ৰজস্বলা হোৱা এই কথাটো অতি গুৰুত্ব সহকাৰে মানি অহা হৈছে।

লগতে পঢ়ক গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?

এজনী ছোৱালীৰ প্ৰথম ঋতুমতী হোৱাৰ অৰ্থ হৈছে ছোৱালীজনীৰ উৰ্বৰা শক্তি লাভ। হিন্দু ধৰ্ম মতে এই প্ৰক্ৰিয়া কেৱল মানুহৰূপী এজনী ছোৱালীয়ে নহয়, হিন্দু ধৰ্মত প্ৰকৃতি বা ধৰিত্ৰী যাৰ বুকুত বা ছত্ৰছায়াত লালিত-পালিত, সেই প্ৰকৃতিও বছৰত এবাৰ ঋতুমতী হয়। দেৱীৰ ঋতুমতী হোৱা এই সময়খিনিয়ে হৈছে অম্বুবাচী।

মা কামাখ্যা আৰু অম্বুবাচী সমগ্ৰ বিশ্বতে পৰিচিত। সেয়ে এই সময়ছোৱাত প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ ভক্তৰ সমাগম হয়। তিনিদিন অম্বুবাচী পালন কৰা হয়। তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। এই তিনিদিন কোনো প্ৰকাৰৰ শুভ কৰ্ম কৰাৰ পৰা বিৰত থকা উচিত। প্ৰতি বছৰে ২২ জুনত অম্বুবাচী প্ৰবৃত্তি আৰু ২৬ জুনত নিবৃত্তি হয়।

কাম আৰু খ্যায়া এই দুটা শব্দৰ একক সমষ্টি কামাখ্যা। কাম্মা হৈছে পালি শব্দ। অৰ্থ কৰ্ম। সৎ কৰ্ম আৰু পৰোপকাৰৰ জৰিয়তে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰি।তেওঁ হৈছে স্নেহময়ী জননী। কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কালিকা পুৰাণ যোগিনী তন্ত্ৰদেৱী কামাখ্যা পূজাৰ মূল আধাৰ। কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু কামাখ্যা তন্ত্ৰত তেওঁক কালীৰ ৰূপত চিহ্নিত কৰা হৈছে।

লগতে পঢ়ক জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

ভাৰতবৰ্ষৰ ৬২টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠ হৈছে এই কামাখ্যা ধাম। মূল মন্দিৰৰ চাৰিওকাষে কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধুমাৱতী, বগলামুখী, মাতংগী আৰু কমলাত্মিকা আদি মন্দিৰ অৱস্থিত। এই ১০টা পৃথক মন্দিৰেই দশমহাবিদ্যাৰ নামত উৎসৰ্গিত।

কামাখ্যা মাৰ মন্দিৰটো ১০ ফুট ওখ এটা শিলৰ গহ্বৰৰ গৰ্ভত মহামায়াৰ যোনিপীঠ অৱস্থিত আৰু আছে শিৱলিংগ। ষোড়শীৰ প্ৰতীক চিহ্ন এই পীঠ ৰক্তাভ ৰেছমী বস্ত্ৰৰে আচ্ছাদিত। ৰেছমী বস্ত্ৰে প্ৰতিষ্ঠিত মহালক্ষ্মী আৰু মহাসৰস্বতীৰ শিলাপীঠ যথাক্ৰমে দশ মহাবিদ্যাৰ দুই মহাবিদ্যা কমলা আৰু মাতংগীৰ পৰিচয় বহন কৰে। দেৱী বহু ৰূপিনী। অম্বুবাচীৰ এই সময়খিনিত দেৱী কামাখ্যাক ‘কামাৰূপা’ বা ‘কামৰূপিনী’ বুলিও জনা যায়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ambubachi melaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkamakhya temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
Next Post
১ লাখ বিনিয়োগেৰে ৫০ লাখ টকা উপাৰ্জন! কেনেকৈ সম্ভৱ হ’ল এয়া?

১ লাখ বিনিয়োগেৰে ৫০ লাখ টকা উপাৰ্জন! কেনেকৈ সম্ভৱ হ’ল এয়া?

শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

শাৰীৰিক সম্পৰ্ক স্থাপনত অনিচ্ছুক অভিনেত্ৰী পত্নী! বিবাহ বিচ্ছেদ বিচাৰি আদালতত সাংসদ স্বামী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.