সুদক্ষিণা ভূঞাঃ অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ। অসমৰ গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰ সমগ্ৰ বিশ্বতে পৰিচিত শক্তিপীঠ৷ এই কামাখ্যা মন্দিৰ তন্ত্ৰ সাধনাৰ অন্যতম পীঠ। জনশ্ৰুতি, ধৰ্মীয় আস্থা আৰু লৌকিক মান্যতা অনুসৰি এই স্থানতেই দেৱী সতীৰ গৰ্ভ তথা যোনি অংশ পৰিছিল। নাৰীৰ জীৱনত ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া। দেৱীৰ মাজতো এই বিষয়টো বিদ্যমান। প্ৰতি বছৰে এটা নিৰ্দিষ্ট সময়ত দেৱী আদ্যশক্তি মা কামাখ্যা ঋতুমতি হয়। এয়া হিন্দুৰ বিশ্বাস।
ঋতুমতী হোৱা এই সময়ছোৱাক অম্বুবাচী নামেৰে নামকৰণ কৰা হৈছে। অম্বুবাচী শব্দটো সংস্কৃত শব্দ। অম্বু মানে পানী আৰু বাচী মানে যাপন কৰা। অৰ্থাৎ পানীত থকা বা বাস কৰা বা যাপন কৰা। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আহাৰ মাহৰ যিটো দিনত যি সময়ত মিথুন ৰাশিত আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদলৈ গমন কৰে সেই সময়কালৰ পৰা মাতৃস্বৰূপা পৃথিৱী তথা আদ্যশক্তি মহামায়া ঋতুমতী হয় বা অম্বুবাচী আৰম্ভ হয়। সূৰ্যৰ মিথুন ৰাশি গমনৰ সময়ৰ পৰা আৰম্ভ হৈ তিনিদিন অম্বুবাচীৰ স্থিতি।
আহাৰ মাহৰ ৭ দিনৰ পৰা তিনিদিন এই সময়খিনি ‘অম্বুবাচী’ বুলি পালন কৰা হয়। দেৱীৰ পানীত বাস। হিন্দু ধৰ্মত অতীতৰে পৰা ঋতুমতী বা ৰজশ্বলা হোৱা এই কথাটো গুৰুত্ব সহকাৰে মানি অহা হৈছে। মাহেকীয়া হোৱা বা ঋতুমতী হোৱা যি প্ৰক্ৰিয়া সেয়া হৈছে উৰ্বৰা শক্তিৰ প্ৰতীক। এজনী ছোৱালী প্ৰথম ঋতুমতী বা ৰজস্বলা হোৱা এই কথাটো অতি গুৰুত্ব সহকাৰে মানি অহা হৈছে।
লগতে পঢ়ক গোপন ভিডিঅ’ ফাদিল! আক্ৰমণৰ বাবে সাজু ড্ৰেগন! স্পষ্টীকৰণত কি ক’লে চীনে?
এজনী ছোৱালীৰ প্ৰথম ঋতুমতী হোৱাৰ অৰ্থ হৈছে ছোৱালীজনীৰ উৰ্বৰা শক্তি লাভ। হিন্দু ধৰ্ম মতে এই প্ৰক্ৰিয়া কেৱল মানুহৰূপী এজনী ছোৱালীয়ে নহয়, হিন্দু ধৰ্মত প্ৰকৃতি বা ধৰিত্ৰী যাৰ বুকুত বা ছত্ৰছায়াত লালিত-পালিত, সেই প্ৰকৃতিও বছৰত এবাৰ ঋতুমতী হয়। দেৱীৰ ঋতুমতী হোৱা এই সময়খিনিয়ে হৈছে অম্বুবাচী।
মা কামাখ্যা আৰু অম্বুবাচী সমগ্ৰ বিশ্বতে পৰিচিত। সেয়ে এই সময়ছোৱাত প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ ভক্তৰ সমাগম হয়। তিনিদিন অম্বুবাচী পালন কৰা হয়। তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। এই তিনিদিন কোনো প্ৰকাৰৰ শুভ কৰ্ম কৰাৰ পৰা বিৰত থকা উচিত। প্ৰতি বছৰে ২২ জুনত অম্বুবাচী প্ৰবৃত্তি আৰু ২৬ জুনত নিবৃত্তি হয়।
কাম আৰু খ্যায়া এই দুটা শব্দৰ একক সমষ্টি কামাখ্যা। কাম্মা হৈছে পালি শব্দ। অৰ্থ কৰ্ম। সৎ কৰ্ম আৰু পৰোপকাৰৰ জৰিয়তে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰি।তেওঁ হৈছে স্নেহময়ী জননী। কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কালিকা পুৰাণ যোগিনী তন্ত্ৰদেৱী কামাখ্যা পূজাৰ মূল আধাৰ। কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু কামাখ্যা তন্ত্ৰত তেওঁক কালীৰ ৰূপত চিহ্নিত কৰা হৈছে।
লগতে পঢ়ক জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?
ভাৰতবৰ্ষৰ ৬২টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠ হৈছে এই কামাখ্যা ধাম। মূল মন্দিৰৰ চাৰিওকাষে কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধুমাৱতী, বগলামুখী, মাতংগী আৰু কমলাত্মিকা আদি মন্দিৰ অৱস্থিত। এই ১০টা পৃথক মন্দিৰেই দশমহাবিদ্যাৰ নামত উৎসৰ্গিত।
কামাখ্যা মাৰ মন্দিৰটো ১০ ফুট ওখ এটা শিলৰ গহ্বৰৰ গৰ্ভত মহামায়াৰ যোনিপীঠ অৱস্থিত আৰু আছে শিৱলিংগ। ষোড়শীৰ প্ৰতীক চিহ্ন এই পীঠ ৰক্তাভ ৰেছমী বস্ত্ৰৰে আচ্ছাদিত। ৰেছমী বস্ত্ৰে প্ৰতিষ্ঠিত মহালক্ষ্মী আৰু মহাসৰস্বতীৰ শিলাপীঠ যথাক্ৰমে দশ মহাবিদ্যাৰ দুই মহাবিদ্যা কমলা আৰু মাতংগীৰ পৰিচয় বহন কৰে। দেৱী বহু ৰূপিনী। অম্বুবাচীৰ এই সময়খিনিত দেৱী কামাখ্যাক ‘কামাৰূপা’ বা ‘কামৰূপিনী’ বুলিও জনা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ