পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে
ছ’চিয়েল মিডিয়াৰ যুগত অভিনেতাসকলে প্ৰায়ে নিজৰ চেহেৰাৰ সৈতে নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰি থাকে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত এজন অভিনেতাক আদিম মানুহৰ সাজ-পোছাক পিন্ধি সাধাৰণ মানুহৰ দৰে ৰাজপথত ঘূৰি ফুৰা দেখা গৈছিল।
পথত খোজ কঢ়া শ শ মানুহৰ ভিতৰত কোনেও চিনি পাব পৰা নাছিল এই অভিনেতাগৰাকীক। বৰ্তমানে সামিজক মাধ্যমত ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ এই বেশৰ ভিডিঅ।
ভিডিঅত দেখা অনুসৰি অভিনেতাগৰাকীয়ে কাকো কেৰপ নকৰি কেৱল নিজৰ মতেই ইফালে সিফালে ঘূৰি ফুৰি সকলোকে আওকাণ কৰি আগবাঢ়ি যোৱা দেখা গৈছিল। কিন্তু কোনো এজন সাধাৰণ লোকে ধৰিব নোৱাৰে ছুপাৰষ্টাৰ গৰাকীক।
উল্লেখ্য যে, এই আদিম মানুহৰ বেশত ঘূৰি ফুৰা এই মানুহজন কোটি টকাৰ অধিকাৰী। মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত ৬০ কোটি টকাৰ বাংলোত বাস কৰে অভিনেতাগৰাকী। বলীউডত যিখন ছবিতেই কাম কৰি সেই ছবিখনেই ছুপাৰহিত হয়।
এই অভিনেতাগৰাকী হৈছে বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খান। আমিৰ খানৰ এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতে বহু অনুৰাগীয়ে দোধোৰ মোধোৰত পৰিছে, সঁচাকৈয়ে আমিৰ নে বুলি। কাৰণ কোনো কোনো দৃশ্যৰ অক্ষয়ৰ দৰে দেখা গৈছে অভিনেতাগৰাকীক। পাছে এইগৰাকী আমিৰ খানেই হয়।
অভিনেতাগৰাকীৰ মেকআপ ইমানেই বাস্তৱিক আছিল যে তেওঁক কোনেও চিনিব পৰা নাছিল। পাছত আমিৰ খানে নিজেই এই কথা প্ৰকাশ কৰে , তেওঁৱে েসই আদিম সাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ