‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?
টেলিভিছনৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান কৌন বানেগা কোৰপতি (KBC)। এই টিভি শ্ব’ ইয়াৰ প্ৰগ্ৰেম ফৰ্মেট আৰু ঘোষক বিগ বি অমিতাভ বচ্চনৰ বাবে প্ৰতি ভাৰতীয়ৰ পছন্দৰ অনুষ্ঠান হৈ পৰিছে। কিন্তু এতিয়া কেবিচি দৰ্শক তথা অনুৰাগীৰ ববে এক দুখবৰ, কেবিচি এৰিব পাৰে বিগ বি অমিতাভ বচ্চনে।
আজি এই চলিত ছিজনৰ অন্তিম অনুষ্ঠান। এই ১৬ সংখ্যক অনুষ্ঠান বিগত ২৫ বছৰে ধৰি দৰ্শকৰ মৰম বুটলি আছিল। আজি টেলিকাষ্ট হব লগা এই অনুষ্ঠানত অন্তিমবাৰৰ বাবে দেখা যাব অমিতাভ বচ্চনক। অমিতাভে এই বিষয়ে সদৰি কৰি কিছু আৱেগিক হৈ পৰে। তেখেতে সকলো দৰ্শককে নমস্কাৰ কৰি সম্ভাষণ জনাই বিদায় কেবিচি বুলি কোৱা এক ক্লিপ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
বৰ্তমান কৌন বানেগা কোটিপতিৰ ১৬ সংখ্যক ছিজন চলি আছে। ২০২৫ চনৰ ৩ জুলাইত ইয়াৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। এই ২৫ বছৰত অমিতাভ বচ্চনে এটা ছিজনৰ বাহিৰে প্ৰতিটো শ্ব’ আয়োজন কৰি আহিছে। ২০০৭ চনত শ্বাহৰুখ খান এই অনুষ্ঠানৰ ঘোষক আছিল, সেই ছিডন আছিল এই অনুষ্ঠানৰ তৃতীয় ছিজন।
পাছে অমিতাভৰ দৰে সেই অনুষ্ঠান সিমান জনপ্ৰিয় হব পৰা নাছিল। কিন্তু এতিয়া অমিতাভে এই অনুষ্ঠান এৰিলে পৰৱৰ্তী কোন হ’ব এই অনুষ্ঠানৰ ঘোষক তাকে লৈ দৰ্শকৰ মাজত উৎকণ্ঠা।
অনুৰাগীৰ মাজত ইয়াক লৈ এক সমীক্ষাও চলোৱা হৈছিল, এই সমীক্ষাৰ ফলাফলত শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় আৰু এম এছ ধোনীৰ নাম পোহৰলৈ আহিছে। অৱশ্যে অমিতাভ বচ্চনৰ পিছত যদি দৰ্শকে আয়োজকৰ চকীত কাৰোবাক চাব বিচাৰে তেন্তে সেয়া হ’ল শ্বাহৰুখ খান।
ভোটাৰ সকলৰ ভিতৰত ৬৩% লোকে শ্বাহৰুখ খানক আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচনা কৰিছে। ইয়াৰ উপৰিও ৫১% লোকে অমিতাভৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সমৰ্থন কৰিছে। একে সময়তে ৩৭% লোকে ক্ৰিকেটাৰ এম এছ ধোনীক কে বি চিৰ আয়োজক হিচাপে চাব বিচাৰে।
অৱশ্যে বৰ্তমানলৈ অমিতাভে শ্ব’টো এৰি যোৱা বা আন কোনো তাৰকা ইয়াৰ আয়োজক হোৱাৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। তাৰে মাজতে ভাইৰেল ভিডিঅত অমিতাভে কেবিচিৰ পৰৱৰ্তী ছিজন লৈ উভতি আহিব বুলি কোৱা বিশেষভাৱে উল্লেখ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ