ঘৰৰ লৰা ছোৱালী ঘৰলৈ আহি আছে। আজি উৰা মাৰিল সুনীতা আৰু বুচ উইলমোৰক পৃথিৱীলৈ উভতাই আনিবলৈ বিশেষ মহাকাশযান। প্ৰায় ১০ মাহ ধৰি মহাকাশত কটোৱাৰ পাছত দুজনেই আহি আছে পৃথিৱীলৈ। আগন্তুক ১৬ মাৰ্চত দুয়ো পৃথিৱীত উপস্থিত হব বুলি জনাইছে নাছাই। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰাই বুচ উইলমোৰ আৰু সুনীতা উইলিয়ামছ মহাকাশৰ বাসিন্দা হৈ আছে।
পৃথিৱীলৈ উভতি অহাৰ পাছত সুনীতাহঁতৰ বাবে ৰৈ আছে কেইবাটাও ডাঙৰ প্ৰত্যাহ্বান। নিজৰ ভৰিত নিজে থিয় দিয়াটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। প্ৰাক্তন মহাকাশ বিজ্ঞানী লেৰছ ছিয়াওয়ে জনাইছে যে মহাকাশৰ পৰা সুনীতাই যেতিয়া পৃথিৱীৰ মাটিত ভৰি দিব তেতিয়া তেওঁলোকৰ ভৰিৰ খোজবোৰ হব নতুনকৈ জন্ম হোৱা এটা শিশুৰ দৰে।
ভৰিৰ তলুৱাৰ ডাঠ ছালখন আমাৰ দৰে হৈ থকা নাই সুনীতাহঁতৰ। ভৰিৰ পতাৰ ছাল একেবাৰে নৰম হৈ পৰিছে। সেয়ে তেওঁলোকে পৃথিৱীলৈ আহি খোজ কঢ়াত অসুবিধা হব। ইয়াতেই শেষ নহয় কাহিনী। ভৰিৰ পতাৰ বহু কোষেই তেওঁলোকৰ নিষ্ক্ৰিয় হৈ পৰিছ। সেইসমূহে পৃথিৱীৰ আকৰ্ষণী বলৰ প্ৰভাৱত লাহে লাহে সক্ৰিয় হৈ পৰিব।
নিজৰ সাক্ষাকাৰত সুনীতাই জনাইছে যে তেওঁ মহাকাশৰ সকলোবোৰেই মিচ কৰিব। তাতেই জীৱনৰ এক সুৰীয়া সময় কটাইছে সুনীতাই। জীৱনৰ এক অসাধাৰণ সময়। চকু খোলাৰ পৰা টোপনি যোৱালৈকে সকলোতেই মহাকাশে তেওঁক আদৰ সম্ভাষণ জনাই আছে। অটল অন্ধকাৰক এতিয়া অন্ধকাৰ যেন নালাগে সুনীতাৰ। এই অভিজ্ঞতাবোৰেই জীৱনৰ শেষদিন পৰ্যন্ত মনত ৰাখিব খোজে সুনীতাই।
এইবাৰ নতুন বছৰো সুনীতাই মহাকাশত কটাইছে। ইয়াৰোপৰি স্পেছৱাক কৰি নতুন ৰেকৰ্ড তৈয়াৰ কৰিছে। পৃথিৱীৰ মাটিলৈ আহি তেওঁলোকৰ জীৱনটো আকৌ এটা শিশুৰ দৰে নতুনকৈ আৰম্ভ হব তাৰবাবেও প্ৰস্তুত হৈছে সুনীতা। ইতিমধ্যেই সমগ্ৰ বিশ্ববাসী এতিয়া সাজু হৈছে সুনীতা উভতি অহা বিশেষ ক্ষণটোৰ বাবে। ১৯ মাৰ্চ পৃথিৱীৰ ইতিহাসত এক ঐতিহাসিক দিন হৈ ৰব বুলিও জনাইছে নাছাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ