অসম লাইভ২৪ঃ বিগত দুই দশকৰ ভিতৰত ফিল্ম ইণ্ডাষ্ট্ৰীত কি কি পৰিবৰ্তন হৈছে? অভিনেতা অভিষেক বচ্চনে চিনেমা জগতৰ পৰিবৰ্তন সম্পৰ্কে দাঙি ধৰিছে বিশেষ তথ্য। সেই সময়ত অভিষেকে চিনেমা ইণ্ডাষ্ট্ৰীৰ সৈতে ওতপ্ৰোতভাৱে জৰিত হৈ আছিল। ফ্লপ হ’লেও এখনৰ পাছত আনখন ফীল্মৰ কাম হাতলৈ আহিছিল অভিষেকৰ। বচ্চন পৰিয়ালৰ সদস্য বুলিয়েই চিনেমা ইণ্ডাষ্ট্ৰীত এখনৰ পাছত আনখন চিনেমা পাইছিল অভিষেকে বুলি বহুতেই চৰ্চা চলাইছিল। কিন্তু অভিষেকৰ পাছত এইবাৰ চিনেমাজগতলৈ আহিছে অগ্যস্থ্য নন্দা। অগ্যস্থ সম্পৰ্কত অভিষেকৰ ভাগিন।
এই সম্পৰ্কত অভিষেকে কয়, ‘মই কেতিয়াও অমিতাভৰ পুত্ৰ হিচাপে কাম পোৱা নাই। যেতিয়াই নাটক বা চিনেমাৰ সময়ত কেৱল অমিতাভৰ পুত্ৰ হিচাপে নহয় এগৰাকী অভিনেতা হিচাপে উপস্থিত থাকো। তেতিয়া মই কেৱল পৰিচালকৰ নেতৃত্ব অনুসৰণ কৰো। কিন্তু মোৰ দেউতাৰ সময়ত কথাবোৰ পৃথক আছিল। তেওঁলোকৰ বাবে অভিনয় কৰাও চেলেঞ্জিং কাম আছিল।’
অভিষেকে লগতে কয়, ‘এদিন সকলোতকৈ বেছি চিনেমা ক্ষেত্ৰত কাম কৰিছিল শশী কাপুৰে। তেওঁ একে সময়তে মুঠ ১১ টা ভিন্ন প্ৰকল্পত কাম কৰিছিল। পৰবৰ্তীসময়ত শশী কাপূৰে ছেটত উচিত সময়ত উপস্থিত হ’ব নোৱাৰাৰ বাবে বিভিন্ন বেমেজালিৰো সৃষ্টি হয়। শশী কাপুৰৰ এই খেলিমেলিৰ বাবেই পাছলৈ একে সময়তে কেইবাটাও প্ৰজেক্টত কোনো অভিনেতাই কাম কৰিব নোৱাৰিব বুলি এক আইন তৈয়াৰ কৰা হয়। মই কেৰিয়াৰৰ প্রথমতে ডাবল ছিফট কৰিছিলো। সকলো সময়তে ক্লান্ত হৈ থাকো। পুৱতি নিশাহে ঘৰলৈ উভতি আহিব পাৰো। মই যেতিয়া ঘৰলৈ আহো তেতিয়া মোৰ দেউতা অমিতাভে ব্ৰেকফাষ্ট কৰি থাকে। তেওঁ মোৰ ক্লান্ত চেহেৰা দেখি মোক সোধে কাম কৰি কেনে লাগিছে? মোৰ উত্তৰ এটাই। মই কওঁ, মই খুব ক্লান্ত। তেতিয়া দেউতাই কয়, মই তোমাৰ বয়সত ইয়াতকৈয়ো বেছি কাম কৰিছিল। বাংগালুৰুৰ পৰা প্ৰায় ১ঘণ্টা ড্ৰাইভ কৰি আহি ছোলেৰ শ্বুটিঙত উপস্থিত থাকিছিলো। গোটেই দিন কেৱল শ্বুটিং আৰু শ্বুটিং। দেউতাই মোক এই কথাই বুজাইছিল যে, কষ্ট কৰিলেহে ফল পাবা।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ