অসম লাইভ ২৪ঃ সুখে মানুহক আনন্দিত কৰে। ঠিক সেই দৰে দুখে মানুহক ব্যথিত কৰে। সাধাৰণতে আমি ভাবো যে জীৱকুলৰ ভিতৰত কেৱল মানুহেই নিজৰ সুখ-দুখৰ সকলো আৱেগ আনে দেখাকৈ প্ৰকাশ কৰিব পাৰে। কিন্তু সেয়া মিছা কথা! এটা বিশেষ আৱেগিক দৃশ্য। এই দৃশ্য দেখিলে আপুনাৰো সঁচাকৈ দুখ লাগিব।
ঘটনাৰ স্থান ৰাজস্হানৰ কোচাৰা নামৰ বিশেষ ঠাইৰ। যিখন ঠাইৰ ৰামেশ্বৰূপ বিছনৈ নামৰ এজন ব্যক্তিৰ ঘৰত বিগত চাৰিটা বছৰধৰি এহাল ময়ূৰ চৰাইয়ে বাস কৰিছিল। কিন্তু যোৱা এটা দিনৰ পূৰ্বে বিশেষ ৰোগত হঠাৎ মৃত্যু হয় এটা ময়ূৰ পক্ষীৰ। এই ঘটনাৰ পিছত সকলোকে আৱেগিক আৰু আচৰিত কৰি তোলে এটা বিশেষ দৃশ্যই।
মৃত ময়ূৰ পক্ষীটোক যেতিয়া মাটিত পুতি সৎকাৰৰ বাবে লৈ যোৱাৰ চেষ্টা কৰা হৈছিল তেতিয়া চাৰিটা বছৰে একেলগে দিন কটোৱা অন্যটো ময়ূৰে মৃতদেহটো সৎকাৰৰ বাবে কোনো কাৰণতে লৈ যাবলৈ দিয়া নাছিল দুজন শ্ৰমিকক। শেষত অশেষ কষ্টৰ মুৰত মৃত ময়ূৰটোক বন্ধু ময়ূৰটোৰ কাষৰ পৰা লৈ যোৱা হয় যদিও মৃতদেহ সৎকাৰৰ স্থানলৈ বহু কিলোমিটাৰ বাট বন্ধুৰ মৃতদেহৰ পিছে পিছে যায় সংগী ময়ূৰটোৱে।
দৃশ্যত পৰিস্ফুট, যেন শেষ মহুৰ্তলৈ বন্ধুত্বৰ এনাজৰীডাল এৰি নিদিও আমি! এই ঘটনাৰ পিছতে সেই বিশেষ বুকুভঙা আৱেগিক দৃশ্য ভাইৰেল হৈ পৰে ছ’চিয়েল মেডিয়াত। লগতে ইন্টাৰনেটত এই দৃশ্য প্ৰত্যক্ষ কৰা প্ৰতিজন লোকেই আৱেগিক হৈ পৰিছে ময়ূৰ পক্ষীটোৰ এনে আচৰণ দেখি।
IAS বিষয়া প্ৰবীণ কাছৱানে এই আৱেগিক দৃশ্যটো নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে।
The peacock doesn’t want to leave the long time partner after his death. Touching video. Via WA. pic.twitter.com/ELnW3mozAb
— Parveen Kaswan (@ParveenKaswan) January 4, 2022
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ