বিলিয়নাৰী উদ্যোগী আৰু বেদান্ত গ্ৰুপৰ চেয়াৰমেন অনিল আগৰৱালে কৈছে যে তেওঁ তেওঁৰ সন্তান অগ্নিবেশ আগৰৱালক দিয়া এক প্ৰতিশ্ৰুতি পূৰণৰ বাবে তেওঁৰ সম্পদৰ ৭৫শতাংশ দান কৰিব৷ অগ্নিবেশ নিউয়ৰ্কৰ এক স্কিইং দুৰ্ঘটনাত আহত হোৱাৰ পাছত ৪৯ বছৰ বয়সত তেওঁ মৃত্যুক সাবটি লৈছে৷
এক্সত পুত্ৰৰ মৃত্যুৰ পাছতেই আৱেগভৰা পোষ্ট লিখিছে অনিল আগৰৱালে৷ অগ্নিবেশ ইয়াৰ পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰত এক স্কিইং দুৰ্ঘটনাত আহত হৈছিল আৰু মাউণ্ট ছিনাই হাস্পতালত চিকিৎসাধীন আছিল৷ পৰিয়ালে কৈছিল পুত্ৰ আৰোগ্য লাভৰ দিশে আগুৱাইছে আৰু চিকিৎসকো আশাবাদী আছিল অগ্নি সুস্থ হব৷ কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁৰ শাৰীৰিক অৱস্থাৰ অপ্ৰত্যাশিতভাৱে অৱনতি ঘটে আৰু মৃত্যুক সাবটি লয়৷
তেওঁ কয়, ‘আজি আমাৰ জীৱনৰ সকলোতকৈ অন্ধকাৰ দিন৷ আমাৰ সন্তান অগ্নিবেশে আমাক এৰি বিদায় মাগিলে৷ মাত্ৰ ৪৯ বছৰ বয়সত সুস্থ আৰু প্ৰাণবন্ত পুত্ৰই আমাক এৰি থৈ গ’ল৷ যিগৰাকী পিতৃয়ে পুত্ৰক বিদায় জনাই তেওঁ বুজে এই বেদনাক যে শব্দৰে বৰ্ণনা কৰিব নোৱাৰি৷ কোনেও সন্তান পিতৃতকৈ আগত যোৱাটো নিবিচাৰে৷ এই ক্ষতিয়ে আমাক এনেকৈ ভাঙিছে সেয়া আমি বুজাই ক’ব নোৱাৰিছো৷’
বিলিয়নাৰ উদ্যোগীগৰাকীয়ে কয় যে তেওঁৰ প্ৰয়াত সন্তান অগ্নিয়ে এক আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে বহু সপোন দেখিছিল৷ অগ্নিয়ে প্ৰায়েই পিতৃক কৈছিল, ‘দেউতা এটা জাতি হিচাপে আমাৰ একোৰেই অভাৱ নাই৷ তাৰপিছতো আমি কিয় পিছুৱাই আছো? মই সপোন দেখো দেউতা, কোনো শিশুৱেই যেন ক্ষুধাৰ্ত নাথাকে, কোনো শিশুৱেই যেন শিক্ষাৰ পৰা বঞ্চিত নহয়, প্ৰতিগৰাকী নাৰীয়েই যেন নিজৰ ভৰি নিজে থিয় হ’ব পাৰে৷ প্ৰতিজন ভাৰতীয় তৰুণেই যেন অৰ্থপূৰ্ণ কাম পায়৷’ অগ্নিক তেতিয়া পিতৃয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে যি উপাৰ্জন কৰিব তাৰ ৭৫শতাংশতকৈ বেছি সমাজকেই উভতাই দিব৷
১৯৭৬ চনৰ ৩জুনত পাটনাত জন্ম হৈছিল অগ্নিবেশৰ৷ আজমেৰৰ মেয়ো কলেজত পঢ়াশুনা কৰি পৰবৰ্তীকালত এক ভাল পেছাগত জীৱনো তেওঁ গঢ়ি তোলে৷ তেওঁ ফুজাইৰাহ গোল্ড প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পাছলৈ হিন্দুস্থান জিংকৰ চেয়াৰমেন হিচাপে দায়িত্ব পালন কৰি বিশ্বব্যাপী ব্যৱসায়িক মহলত সন্মান অৰ্জন কৰে৷ বেদান্ত গ্ৰুপৰ চেয়াৰমেন তথা অগ্নিৰ পিতৃয়ে কৈছে, ‘এই ক্ষতিত এটা পৰিয়াল বিধ্বস্ত৷ মোৰ পত্নী কিৰণ আৰু মই ভাঙি পৰিছো৷ অগ্নিবেশ মোৰ সকলোতকৈ বিশ্বস্ত বন্ধুও আছিল৷’
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এগৰাকী যুৱ উদ্যোগীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘শ্ৰী অগ্নিবেশ আগৰৱালৰ অকালপ্ৰয়াণ অত্যন্ত বেদনাদায়ক আৰু শোকাৱহ৷ প্ৰাৰ্থনা কৰিছো আপোনাৰ পৰিয়ালে যেন শক্তি আৰু সাহস ধৰি ৰাখিব পাৰে৷ ওম শান্তি৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ