অসম লাইভ২৪ঃ অসম সাহিত্যসভাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে৷
ইতিমধ্যে ৰাজ্যৰ আন এগৰাকী বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়েও ছচিয়েল মিডিয়াৰ পষ্টযোগে ক্ষোভ প্ৰকাশ কৰিছিল অসম সাহিত্য সভাৰ বিৰুদ্ধে৷
নাৰায়ণপুৰ অধিৱেশনলৈ যাবলৈ কোনো আনুষ্ঠানিক পত্ৰ লাভ নকৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে৷
কাৰ্যক্ৰমনিকাত সাহিত্য সভাই লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ নাম কাৰ্যনিৰ্বাহকত ৰাখি থোৱা বুলিও প্ৰকাশ৷
বিগত ৩ বছৰে কাৰ্যনিৰ্বাহক সদস্যৰ তালিকাত থকাৰ পাছতো সাহিত্য সভালৈ যাবৰ বাবে কোনো আনুষ্ঠানিক পত্ৰ লাভ নকৰিলে লেখিকা পূজাৰীয়ে৷
অসম সাহিত্যসভাৰ কাৰ্যনিৰ্বাহকক লৈয়ো প্ৰশ্ন কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷
সাহিত্য সভাৰ সংবিধান সংশোধনৰো আহ্বান বিশিষ্ট লেখিকাগৰাকীৰ৷
অসম সাহিত্যসভাক ৰাজনীতিমুক্ত কৰাৰো আহ্বান লেখিকা পূজাৰীৰ৷
স্বৰচিত অসমীয়া চলচিত্ৰ অনুৰৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ লেখিকাগৰাকীৰ৷
যথেষ্ট ভাল ফলাফল দেখুওৱাবলৈ সক্ষম হৈছে অনুৰে বুলি প্ৰকাশ৷
মুখ্যমন্ত্ৰীক গ্ৰামাঞ্চলত ছবিগৃহ নিৰ্মাণৰো আহ্বান লেখিকাগৰাকীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ