অসম লাইভ ২৪ঃ প্ৰতীক্ষাৰ অন্ত পেলাই বিৰুষ্কাৰ কোলালৈ আহিল কন্যা সন্তান। সোমবাৰে দুপৰীয়া অনুষ্কা শৰ্মাই এটি কন্যা সন্তানৰ জন্ম দিয়ে। স্বামী বিৰাট কোহলিয়ে মন্তব্য কৰিছে সম্প্ৰতি সুস্থ অনুষ্কা আৰু তেওঁলোকৰ কন্যা শিশুটি। বিৰাট কোহলিৰ সেই প’ষ্টৰ পাছতে শুভাকাংক্ষী-অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে দুয়োগৰাকীকে। উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ ১১ ডিচেম্বৰত বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা বিবাহপাশত আবদ্ধ হৈছিল। বিৰাট কোহলিয়ে ইতিমধ্যে টুইটাৰযোগে সকলোকে জনাইছে কন্যা শিশু জন্ম হোৱাৰ কথা। টুইটাৰত মোৰ ঘৰলৈ আহিল এজনী ‘পৰী’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















