অৱশেষত পৌৰসভা নিৰ্বাচনত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷
৮০টাকৈ পৌৰসভাৰ ফলাফল ওলোৱাৰ পাছতে বৰাৰ এই পৰাজয়ক ৰাজনৈতিক উত্থান-পতনৰ এক নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে অভিহিত কৰে৷
লগতে পঢ়ক সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!
বৰাই আৰু কয় যে- সকলো ৰাজনৈতিক দলেই ভাল সময় আৰু বেয়া সময় অতিবাহিত কৰিব লগা হয়৷ ভাল সময়ৰ বাবে ভালকৈ কাম কৰিব লাগিব আৰু অপেক্ষাৰ বাবে ধৈৰ্য লাগে৷
ইফালে তেওঁৰ নিজ সমষ্টি বিহপুৰীয়াৰ নাৰায়ণপুৰ পৌৰসভা বিজয়ী ৫ কংগ্ৰেছী সদস্যৰ লগতে কংগ্ৰেছ সমৰ্থিত ২ নিৰ্দলীয় প্ৰাৰ্থীকো অভিনন্দন জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ