হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ
উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ এখন জাননীয়ে চিন্তিত কৰি তুলিছে বৰপেটা বাসী ৰাইজক। বৰপেটাৰোড বিদ্যুৎ উপসংমণ্ডলৰ পৰা দিয়া হৈছে এখন বিশেষ জাননী।
প্ৰকাশিত জাননী অনুসৰি , ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ থাকিব বৰপেটাত। এই ৩০ দিনত পুৱা ৪ বজাৰ পৰা পুৱা ৮ বজালৈকে মুঠ ৪ ঘণ্টা ধৰি বন্ধ থাকিব বিদ্যুত সেৱা।
জানিব পৰা মতে, বৰপেটা ১(হাউলী)ত ৩৩ হাজাৰ ফিডাৰ অ’ভাৰ লোডিং হোৱাৰ বাবে নতুন ৩৩ হাজাৰ ভোল্টৰ লাইন বনাই থকা হৈছে ।
যাৰ বাবে ৩০ দিনৰ বাবে পুৱা ৪ বজাৰ পৰা ৮ বজালৈকে বৃহত্তৰ বৰপেটা ৰোড আৰু হাউলী অঞ্চলত বিদ্যুৎ সেৱা বন্ধ থাকিব। জাননীত বিদ্যুৎ উপসংমণ্ডলৰ পৰা সদৰি কৰা অনুসৰি এই গোটেই কাম খিনি সম্পূৰ্ণ হবলৈ সময় লাগিব প্ৰায় ৩০ দিন।
এই সময়ছোৱাত বৰপেটাৰোড বাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে বৰপেটাৰোড বিদ্যুত উপসংমণ্ডলৰ বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















