বিভিন্ন গ্ৰহৰ যুঁটিৰ প্ৰভাৱত বিভিন্ন শুভ আৰু অশুভ ৰাজযোগ তৈয়াৰ হয়৷ এইসমূহে বিভিন্ন ৰাশিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়৷ কিছু যোগ জাতকৰ বাবে উপকাৰী৷ যেনেকৈ মহালক্ষ্মী যোগ৷ ই যোগত জাতকে প্ৰেম আৰু বস্তুগত সুখ লাভ কৰে৷ মহালক্ষ্মী ৰাজযোগত সম্পদ, সমৃদ্ধি, শিল্প আৰু সাফল্যৰ প্ৰতীক হিচাপে বিবেচিত হয়৷ জ্য্যোতিষীৰ মতে মহালক্ষ্মী ৰাজযোগ চন্দ্ৰ আৰু মঙ্গলৰ সংযোগত গঠিত হয় আৰু শীঘ্ৰেই আগষ্টত গঠিত হব চলিছে এই যোগ৷ ২৫ আগষ্টত চন্দ্ৰই পুৱা ৮.২৮ মিনিটত কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ মঙ্গল ইতিমধ্যেই ইয়াত উপস্থিত৷ এই পৰিস্থিতিত উভয় গ্ৰহৰ উপস্থিতিৰ কাৰণে মহালক্ষ্মী ৰাজযোগ তৈয়াৰ হব৷ যাৰ কাৰণে কিছু ৰাশিৰ বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা আছে৷
লাকী ৰাশি কি কি?
কন্যা ৰাশি
মহালক্ষ্মী ৰাজযোগ আপোনাৰ বাবে শুভ হব৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হব৷ বৈবাহিক জীৱনত চলমান বিবাদ এতিয়া শেষ হব৷ এই সময়ত স্বাস্থ্যৰ উন্নতি হব আৰু আপোনাৰ মানসিক চাপ কমিব৷ কন্যা ৰাশিৰ চাকৰিয়াল পদোন্নতিৰ বাবে নিৰ্বাচিত হব পাৰে৷ অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ আপুনি যদি পূৰ্বে অৰ্থ বিনিয়োগ কৰি থৈছে তাৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে অৰ্থ পাব৷ আৰ্থিক লাভৰ বাবে হঠাৎ সুযোগ আহিব পাৰে৷ ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক জাতিকাই আয়ৰ সুযোগ পাব৷ আপুনি যানবাহন, ঘৰ বা প্ৰয়োজনীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ বস্তুগত সুখ বৃদ্ধি পাব৷ আপোনাৰ ব্যৱসায়ত উন্নতিয়ে সমাজত ভাল ভাৱমূৰ্তি তৈয়াৰ কৰিব৷ স্বাস্থ্যৰ দিশৰ পৰাও এই সময় আপোনাৰ বাবে ভাল হব৷ এই সময়ত ব্যৱসায়িক পৰিকল্পনাত সফল হব৷ যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে হঠাৎ কোনো ডাঙৰ চুক্তি পাব যাৰ পৰা ভাল লাভৰ সম্ভাৱনা আছে৷ ভাগ্য আপোনাৰ পক্ষে থাকিব৷ আপুনি পুৰণি ঋণৰ পৰা মুক্তি পাব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাই নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে৷ বজাৰত ৰৈ থাক অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰে৷ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব৷ এই সময়ত কৰ্মকৰ্তাসকলৰ সৈতে আৰু ভাল সমন্বয় বজায় ৰখাটো লাভজনক প্ৰমাণিত হব৷ ব্যৱসায়ক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা ফলপ্ৰসূ হব৷ বিশেষ বিষয় হৈছে যে আপোনাৰ সামাজিক মৰ্যাদা উচ্চতৰ হব৷ আপোনাৰ দক্ষতা বৃদ্ধি পাব যাৰ কাৰণে আপুনি সহজেই সকলো ডাঙৰ চেলেঞ্জ সম্পন্ন কৰিব পাৰিব৷ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















