দীৰ্ঘ ২৯ বছৰৰ দাম্পত্য জীৱনৰ পাছত বিচ্ছেদ ল’লে এ আৰ ৰহমান আৰু তেওঁৰ পত্নী ছায়ৰা বানুৱে৷ ছায়ৰাৰা অধিবক্তা বন্দনা শ্বাহে দম্পত্তিৰ বিচ্ছেদৰ সিদ্ধান্তৰ কথা জনাইছে৷ তেওঁলোকৰ বিচ্ছেদক লৈ আনুষ্ঠানিক বিবৃত্তিও প্ৰকাশ কৰিছে৷ বন্দনা শ্বাহৰ তৰফৰ পৰা জনোৱা হৈছে যে এই সম্পৰ্কত বুজাপৰাৰ সমস্যা আৰু মানসিক চাপ থকাৰ বাবেই এই সিদ্ধান্ত যুটীয়াভাৱেই লৈছে দুয়োজনে৷ এ আৰ ৰহমান আৰু ছায়ৰাৰ বিচ্ছেদৰ কেইঘণ্টা মানৰ পাছতেই বিচ্ছেদ ঘোষণা কৰিছে অস্কাৰজয়ী সুৰকাৰ গীটাৰিষ্ট মোহিনী দে’ ই৷ ইনষ্টাগ্ৰামত সংগীত পৰিচালক স্বামী মাৰ্ক হাৰ্টছাচৰ সৈতে যৌথভাৱে এক পষ্ট শ্বেয়াৰ কৰি বিচ্ছেদৰ কথা ঘোষণা কৰিছে মোহিনীয়ে৷
সামাজিক মাধ্যমত মোহিনীয়ে লিখিছে, ‘অত্যন্ত দুখৰ সৈতে জনাইছো যে মই আৰু মাৰ্কে এই সম্পৰ্কক ইয়াতেই যতি পেলাইছো৷ আমাৰ পৰিয়াল, বন্ধুসকলক জনাব খোজো যে আলোচনা কৰিয়েই আমি এই সিদ্ধান্তত উপনীত হৈছো৷ বিচ্ছেদৰ পাছতো আমি এজনে আনজনৰ বন্ধু হৈ থাকিম৷ কিন্তু আমাৰ দুজনৰ আকাংক্ষা যেনেকৈ ভিন্ন তেনেকৈ জীৱনৰ লক্ষ্যও পৃথক৷ সেয়ে পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে এই সিদ্ধান্ত লৈছো৷ বিচ্ছেদ হ’লেও যি কাম হাতত আছে সেইসমূহ আমি একেলগে শেষ কৰিব৷ ভৱিষ্যতেও একেলগে কাম কৰিম৷’
এ আৰ ৰহমানৰ সৈতে দেশ বিদেশৰ বহু অনুষ্ঠান কৰিছে মোহিনীয়ে৷ কলকাতাৰ ২৯ বছৰ বয়সীয়া এইগৰাকী শিল্পীয়ে কিয় এ আৰ ৰহমানে বিচ্ছেদ লোৱাৰ দিনটোতেই বিচ্ছেদ লৈছে সেই বিষয়টোৱেহে সকলোকে আচৰিত কৰি তুলিছে৷ ইফালে এ আৰ ৰহমানেও সম্পৰ্কৰ বিচ্ছেদক লৈ সামাজিক মাধ্যমত লিখিছে, ‘আমি বিচাৰিছিলো দাম্পত্য জীৱনৰ ৩০ বছৰীয়া বাৰ্ষিকী পালন কৰিম৷ কিন্তু অকল্পনীয়ভাৱে আমি বিচ্ছেদ লৈছো৷ ঈশ্বৰৰ সিংহাসনো বোধহয় টলমল কৰিছে দুটি ভগ্ন হৃদয় দেখি৷ এনেকুৱা ভয়ংকৰ এক সময়ত আমাৰ মনৰ যি ভঙা অংশসমূহ সেইসমূহ বোধহয় আৰু জোৰা নালাগিব৷ এই দুসময় পাৰ হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ