সাৱধান, অসমৰ চাউলত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিক
ভাত বুলিলেই অসমৰ অসমীয়াৰ প্ৰতিসাজতে থকা খাদ্য। কিন্তু এতিয়াৰ পৰা সাৱধান, ভাত খাওতে ১০ বাৰ চিন্তা কৰক। কাৰণ অসমৰ চাউলত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিক থ্ৰী।
যোৰহাটৰ তিতাবৰত উত্পাদিত চাউলত ধৰাত পৰিছে আৰ্ছেনিক থ্ৰী। মানৱ দেহৰ বাবে অতিকৈ ক্ষতিকাৰক এই আৰ্ছেনিক থ্ৰী। আপুনি খোৱা ভাত হ’ব পাৰে কেঞ্চাৰৰ কাৰণ।
বিষাক্ত আৰ্ছেনিক থ্ৰীৰ ফলত কেঞ্চাৰকে আদি কৰি বহুকেইটা বেমাৰত আপুনি আক্ৰান্ত হ’ব পাৰে। ভূমি বিজ্ঞান বিভাগৰ গৱেষণাত ধৰাত পৰিছে এই ভয়ংকৰ তথ্য।
যোৰহাটৰ তিতাবৰত চলোৱা গৱেষণাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ধান গছৰ শিপাই আৰ্ছেনিক থ্ৰী শুহি লোৱাৰ ফলত বিষাক্ত হৈছে চাউল। বিষাক্ত আৰ্ছেনিক থ্ৰী নিয়ন্ত্ৰণ নকৰিলে মৃত্যুৰ উপত্যকালৈ পৰিণত হ’ব অসম।
আনহাতে ৬০ৰ পৰা ৭০ শতাংশ পৰ্যন্ত আৰ্ছেনিক থ্ৰীৰে বিষাক্ত হৈ পৰিছে ৰাজ্যৰ ভূগৰ্ভস্থ জলৰাশি। ইতিমধ্যেই এই সন্দৰ্ভত বিশ্বখ্যাত জিঅ’গ্ৰাফিকেল আলোচনীত প্ৰকাশ পাইছে গৱেষণা পত্ৰ।
আৰ্ছেনিক থ্ৰী হৈছে অতি বিষাক্ত। ডবকা, হোজাই, লংকা, লামডিং, নলবাৰী, যোৰহাট, শিৱসাগৰ আৰু মাজুলীক আৰ্ছেনিক থ্ৰীৰ হটস্পট বুলি ঘোষণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















