অতি কৰুণ, ব্ৰেইন ডেড মাতৃয়ে সন্তান জন্ম দিয়ে বিদায় ল’লে ধৰাৰ পৰা
এগৰাকী মাতৃৰ বাবে তেওঁৰ সন্তানৰ প্ৰথম দৰ্শন সমগ্ৰ পৃথিৱীৰ সুখৰ সমান। প্ৰথমবাৰৰ বাবে শিশুটিক কোলাত লোৱা, প্ৰথমবাৰৰ বাবে বুকুত সাৱটি লোৱাৰ অনুভৱেই অনন্য। পাছে এগৰাকী মাতৃৰ বাবে অতিৰে কৰুণ হিচাপে সমুখলৈ আহিছে।
দিল্লীৰ বাসিন্দা অশিতা চন্দকে (৩৮) অহা মাহত এটা সন্তান জন্ম দিবলৈ ওলাইছিল। কিন্তু নিয়তিয়ে ভাগ্যত লিখি থৈছিল অন্যহে। ৮ মাহৰ গৰ্ভৱতী অশিতাৰ হঠাত ব্ৰেইন ষ্ট্ৰোক হয়। ততাতৈয়াকৈ অশিতাক হাস্পতাললৈ লৈ যোৱা হয়।
কিন্তু চিকিৎসকে ব্ৰেইন ডেড ঘোষণা কৰে অতিশাৰ। ভেণ্টিলেটৰ চাপৰ্টত ৰাখি পাছলৈ ছিজাৰিয়ান পদ্ধতিৰে অশিতাৰ সন্তানক প্ৰসৱ কৰায়। এটি কন্যা সন্মান জন্ম দিয়ে অশিতায়ে।
উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীতে অশিতাৰ মগজুৰ ষ্ট্ৰোক হৈছিল। ১৩ ফেব্ৰুৱাৰীত অশিতাক ব্ৰেইন ডেড ঘোষণা কৰা হৈছিল। তাৰ পাছত ১৬ ফেব্ৰুৱাৰী তাৰিখে চিজাৰিয়ান কৰা হয় অশিতাৰ।
এতিয়া পৰিয়ালৰ ইচ্ছা অনুসৰি অশিতাৰ অংগ দান কৰিব। অশিতাৰ দুয়োটা কিডনী, লিভাৰ আৰু কৰ্ণিয়া দান কৰিব।
উল্লেখ্য যে, যিজন ব্যক্তিৰ মগজুৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ যায়, তেওঁক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হয়। ইয়াত মগজুত কোনো ধৰণৰ ক্ৰিয়া-কলাপ নাথাকে। এজন ব্যক্তিক ব্ৰেইন ডেড বুলি ঘোষণা কৰাৰ অৰ্থ হ’ল তেওঁ কাৰ্যতঃ মৃত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ