দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম
বলীউডৰ এগৰাকী নাথ থকা অভিনেত্ৰী, যিয়ে কাম কৰা বাইৰ পৰা মাতৃ লৈকে এগৰাকী সৰলা নাৰীৰ পৰা এগৰাকী ভেম্প হোৱালৈকে সকলো ধৰণৰ চৰিত্ৰত কাম কৰি সুনাম বুটলিছে। এটা সময়ত আইটেম গাৰ্ল হিচাপেও নাম আছিল এই অভিনেত্ৰীৰ।
সকলোৱে তেখেতৰ চিনি পাই তেখেতৰ হাঁহিটোৰ বাবে। পাছে সেই হাঁহিৰ পাছত লুকাই আছে বহু দুখ। জীৱনৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহু দুখ পাইছে এইগৰাকী অভিনেত্ৰীয়ে। এই অভিনেত্ৰী গৰাকী হৈছে অৰুণা ইৰাণী।
সকলোৱে হাঁহিমুখীয়া অভিনেত্ৰী বুলি জানিলেও পাছে বহু দুখ অৰুণা ইৰাণীৰ। শেহতীয়াকৈ এক বাৰ্তালাপত অৰুণা ইৰাণীয়ে দুবাৰকৈ স্তন কেন্সাৰত ভোগা বুলি প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰাৰ সময়ত কোনো চিনেমাৰ কামত ব্যস্ত আছিল। সেয়ে সাৱধানতা অৱলম্বন কৰি লগে লগে অস্ত্ৰোপচাৰ কৰা হয়। ডাক্তৰে কেমোথেৰাপিৰ পৰামৰ্শ দিয়ে, কিন্তু চুলি সৰা আৰু মুখৰ ৰং সলনি হোৱাৰ ভয়ত অভিনয়ত ইয়াৰ প্ৰভাৱ পৰিব বুলি কেমোথেৰাপীৰ পৰা আঁতৰত থাকে।
কিন্তু যি সময়ত সমগ্ৰ বিশ্বই Covid ৰ আগমনত ভয় খাইছিল, তেতিয়া অৰুণা ইৰাণীৰ জীৱনত পুনৰ ঘূৰি আহিছিল কেন্সাৰ। এইবাৰ অৰুণা ইৰাণীয়ে নিজৰ সিদ্ধান্ত সলনি কৰে আৰু কেমোথেৰাপিৰ আশ্ৰয় লয়।
কেৱল কেন্সাৰেই নহয়, অভিনেত্ৰীগৰাকীয়ে ডায়েবেটিছৰ সৈতেও যুঁজিবলগীয়া হৈছিল, যাৰ বাবে তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল। তথাপি আজি তাই সম্পূৰ্ণ সুস্থতাৰে কাম কৰি গৈছে ৭০ বছৰৰ দেওনা পাৰ কৰা এইগৰাকী অভিনেত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ




















