পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত
পুনৰ এবাৰ কোভিড ১৯ৰ আগমণ। কৰমাৰ সমগ্ৰ বিশ্বৰ পৰা নোহোৱা কৰা বুলি ভাবি অহা ইমান দিনৰ কথা এতিয়া পাহৰি পেলাওক। কাৰণ কোভিড ১৯ৰ ভাইৰাছ পুনৰ আহিছে। সংক্ৰমণ বিয়পিছে এচিয়া মহাদেশৰ কেইবাখনো দেশত।
বিশেষকৈ হংকং আৰু চিংগাপুৰত অধিক সংক্ৰমণ হৈছে এই ভাইৰাছৰ। এতিয়ালৈকে কেৱল হংকঙতেই মৃত্যু হৈছে ৩১ গৰাকী লোকৰ।
৭০ লাখৰো অধিক জনবসতি থকা এই অঞ্চলত এতিয়া দ্ৰুত গতিত বিয়পিব ধৰিছে কোভিড ভাইৰাছ। অৱশ্যে এটা ভাল খবৰ যে, পূৰ্বৰ বাৰৰ দৰে এইবাৰ সিমান দ্ৰুত গতিত এইবাৰ বিয়পা নাই।
আনহাতে ছিংগাপুৰতো সংক্ৰমণ হৈছে। যাৰ বাবে এতিয়া ছিংগাপুৰত এলাৰ্ট জাৰি কৰিছে। এতিয়ালৈ ১৪,২০০ গৰাকী লোক সংক্ৰমণ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















