অসম লাইভ ২৪ঃ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে পৰামৰ্শ বিচাৰি ৰাইজৰ বাবে ই-মেইল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। ৰাজ্যৰ সকলো স্তৰৰ লোকেই বাজেটত অন্তৰ্ভুক্ত কৰিবলগা উন্নয়নমূলক বিষয় সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিব পাৰিব। পৰামৰ্শ প্ৰদানৰ অন্তিম তাৰিখ ৩ জুলাই। ই-মেইল আই ডি হৈছে assambudgetsuggestions@gmail.com আৰু হোৱাটছএপ নম্বৰ হৈছে ৭৬৩৬৮৭৯০১৯। উল্লেখ্য, ২০২১-২২ বৰ্ষৰ বাজেটৰ জৰিয়তে ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ