উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ
নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ। মুঠ ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন। নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে সদৰি কৰে এই তাৰিখ ।
অহা নৱেম্বৰ মাহৰ ১৩ তাৰিখে অসমত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ২৩ নৱেম্বৰ তাৰিখে নিৰ্বাচনৰ ভোটগণনা তথা ফলাফল ঘোষণা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ।
অসমৰ চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।
অসমৰ লগতে দেশৰ ১৩ ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ১৩ ৰাজ্যৰ মুঠ ৪৯ খন আসনত এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।
সংখ্যা-ৰাজ্য-আসন
১- উত্তৰ প্ৰদেশ ১০
২ -পশ্চিম বংগ ৬
৩ -অসম ৫
৪- বিহাৰ ৪
৫ -পঞ্জাৱ ৪
৬ -কৰ্ণাটক ৩
৭ -কেৰালা ৩
৮ -মধ্য প্ৰদেশ ২
৯- ছিকিম ২
১০ -গুজৰাট ১
১১ -উত্তৰাখণ্ড ১
১২ -ছত্তীশগড় ১
১৩ -ৰাজস্থান ৭
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ