অসম লাইভ ২৪ঃ ৰাজ্যত সম্পূৰ্ণ স্বাভাৱিক হ’ব জীৱন যাত্ৰা৷ প্ৰায় দুটা বছৰে ৰাজ্যবাসীক শ্বাসৰুদ্ধ কৰি ৰখা কোভিড প্ৰটকলৰ পৰা মুক্তি দিয়া হ’ব৷
এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে জনতা ভৱনত আহ্বান কৰা এক সংবাদ মেলত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অতি শীঘ্ৰেই ৰাজ্যবাসীক কোভিড SOPৰ মুক্ত কৰি দিয়া হ’ব৷ অৱশ্যে মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ পূৰ্বৰ দৰেই বাহাল থাকিব৷
সংবাদ মেলত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় ৰাজ্যবাসীয়ে এইবাৰ বাপতিসাহোন ব’হাগ বিহু মনৰ ইচ্ছাৰে অনুষ্ঠিত কৰিব পাৰিব৷ ইফালে আগন্তুক সময়ত ৰাজ্য কেবাটাও নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷
অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত কোভিড SOP সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে ৰাজ্যৰ বিদ্যালয়সমূহো খুলি দিয়া হ’ব৷
১৫ ফেব্ৰুৱাৰীলৈকে ৰাজ্যত কোভিডৰ পৰিৱেশ ভাল হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে ১৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ১০ বছৰীয়া পুৰণি বিহু সন্মিলন কেইখনক চৰকাৰে ডেৰ লাখ টকাকৈ অনুদান দিব।
ব্যৱসায়ীসকলক অসমৰ ৰাইজক মৰমৰ দৃষ্টিৰে চাবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বিহুৰ ওপৰত কোনো নীতি-নিৰ্দেশনা নাথাকিব। সকলোৱে মুকলিকৈ অনুষ্ঠিত কৰিব পাৰিব বিহু। সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰিব পাৰিব।
ইফালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হ’ব৷ তেওঁ সকলো পৰীক্ষাৰ্থীকে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আনহাতে, সভা সমিতি, চিনেমা হল আদিলৈ যোৱা লোকসকলেও দুয়োপালি ভেকচিন ল’ব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে এপ্ৰিলত গুৱাহাটী পৌৰ নিগম, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত কৰা হ’ব বুলিও ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ