টুচু পূজাৰ দিনাই চেঁচা নৈত আদিবাসী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ, সন্তান সম্ভৱা আছিল যুৱতী
টুচু পূজাৰ দিনাই ডিব্ৰুগড়ৰ লাহোৱালত এক ভয়ংকৰ কাণ্ড। চেঁচা নৈত উদ্ধাৰ এগৰাকী যুৱতীৰ নিথৰ দেহ। তাকো সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ নিথৰ দেহ। উদ্ধাৰ পাছতে মৃতদেহটো মনণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ।
পাছে ফলাফলৰ পূৰ্বেই জানিব পৰা গৈছে এক শিহৰণকাৰী তথ্য। উদ্ধাৰ হোৱা যুৱতীগৰাকী আছিল সন্তান সম্ভৱা।
বৰ্তমানে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে লাহোৱাল। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ধৰ্ষণকাৰীক শাস্তিৰ দাবীৰে লহোৱাল থানা ঘেৰাও।
হত্যাকাৰীক ফাঁচীকাঠত উলমোৱাৰ দাবী ৰাইজৰ। পাছে এতিয়াও পলাতক ধৰ্ষণকাৰী বৰুণ মুড়া। এগৰাকী ২২ বছৰীয়া আদিবাসী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিছিল বৰুণে।
হত্যা কৰি নৃশংসভাৱে উলংগ অৱস্থাত পেলাই দিছিল চেঁচা নৈত। ঘটনা সংঘটিত হৈছে বকুল মাজগাঁও চাপৰি লাইনত। ধৰ্ষণকাৰী ঘাতকটো লাহোৱাল টিমনাৰ বৰুণ মুড়া।
উল্লেখ্য যে, বিগত ৯ জানুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছিল যুৱতীগৰাকী। অৱশেষত আজি নদীত উপঙি উটি অহা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ। আনহাতে এতিয়াও পলাতক হৈ আছে ধৰ্ষণকাৰী বৰুণ মুড়া। স্থানীয় লোকে কোৱা অনুসৰি বৰুণ আৰু যুৱতীগৰাকীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ