এতিয়াৰ পৰা সলনি হ’ব পূৰ্বৰ বহু নিয়ম। এই ঐতিহাসিক আইনখনে তালাক, নিকাহ, হালাল, বহুবিবাহ হ’ব বন্ধ। এই আইনৰ জৰিয়তে পুত্ৰৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব পিতৃ-মাতৃয়ে।
দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা সলনি কৰা হ’ব। বিলুপ্তি হ’ব ধৰ্ম, জাতি, সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইন। দেশৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে। UCC বলৱৎ হোৱাৰ লগে লগে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। আনফালে সম্পত্তি অধিকাৰৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰো।
এই আইনৰ জৰিয়তে দেশত বন্ধ হ’ব লিভ-ইন-ৰিলেশ্বনশ্বীপ। লিভ-ইনৰ বাবে ল’ব লাগিব পিতৃ-মাতৃৰ আৰু যাৱতীয় অনুমতি। জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ’ব আৰু বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCCৰ আওতাৰ বাহিৰত ৰখা হ’ব
উল্লেখ্য যে, সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক। মহিলাসকলৰ অধিকাৰ আৰু অধিক সুৰক্ষিত হ’ব। বিবাহ আৰু বিচ্ছেদৰ বাবে একেই নিয়ম প্ৰযোজ্য হ’ব। সকলো ধৰ্মৰ বাবে একেই নিয়ম প্ৰযোজ্য হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















