অতিকে শোকাৱহ, পত্নীৰ বিয়োগ সহিব নোৱাৰি চাৰ্ভিছ ৰিভলভাৰেৰে…গুৱাহাটীত IPS শিলাদিত্য চেতিয়াৰ সিদ্ধান্ত
এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। পত্নীৰ বিয়োগ সহিব নোৱাৰি শেষত পত্নীৰ মৃতদেহৰ কাষতে নিজেই নিজকে শেষ কৰি দিয়ে। যি ঘটনাই শোকবিহ্বল কৰি তুলিছে বহু লোকক।
বহু দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পত্নীৰ আজি চিকিৎসাধীন অৱস্থাতে নেমকেয়াৰ হাস্পতালত মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পাছতে শোকত ভাগি পৰি আই পি এছ বিষয়াগৰাকী। যাৰ ফলত শেষত লয় চৰম সিদ্ধান্ত। নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলিয়াই নিজকে গুলিয়াই শেষ কৰি দিয়ে আই পি এছ বিষয়া শিলাদিত্য চেতিয়াই।
ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিবৰ দায়িত্বত আছিল শিলাদিত্য চেতিয়া। পত্নীৰ শুশ্ৰুষাৰ নামত বিগত ৪ মাহ ধৰি ছুটীত আছিল বিষয়াগৰাকী পাছে আজি পত্নীৰ মহানগৰীৰ নেমকেয়াৰ হাস্পতাল মৃত্যু হয়। সন্তানহীন আই পি এছ বিষয়াগৰাকীয়ে পত্নীৰ বিয়োগৰ পাছতে এই ধৰাত অকলশৰীয়া হৈ পৰাত নিজকো শেষ কৰি দিয়ে।
২০০৫ চনত ইংৰাজীৰ প্ৰৱক্তা আছিল শিলাদিত্য চেতিয়া। ২০০৯ চনৰ বেটছৰ IPS আছিল শিলাদিত্য চেতিয়া। কেইবাখনো জিলাৰ SPৰ দায়িত্বতো আছিল তেখেত। 4th APBnৰো কমাণ্ডেণ্ট আছিল।
শেষত বিষয়াগৰাকীক ২৯ জানুৱাৰী, ২০২৩ ত চতুৰ্থ এ পি বি এনৰ অধিনায়ক পদৰ পৰা ৰাজ্য চৰকাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পদলৈ বদলি কৰিছিল। তেতিয়াৰে পৰা তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ