উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত খেলিমেলি, প্ৰশ্ন কাকত ফাদিল সাধাৰণ ঘটনা৷ এই ঘটনাত অভিযুক্ত শিক্ষা সংসদৰ বিষয়া-কৰ্মচাৰীক পুৰস্কৃত কৰে শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে৷ ২০১৬ চনৰ পৰা ২০১৮ চনলৈ সংঘটিত ধাৰাবাহিক প্ৰশ্নকাকত ফাদিলত তথা পৰীক্ষাৰ আন খেলিমেলিত অভিযুক্তক পুৰস্কৃত কৰিলে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই আৰু সচিব পুলক পাটগিৰিয়ে৷ ঘটনাক্ৰম এনেধৰণৰ- ২০১৬ চনৰ পৰা ২০১৮ চনলৈ ধাৰাবাহিকভাৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সংঘটিত হৈছিল ব্যাপক খেলিমেলি, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা৷ উল্লেখযোগ্য যে গোৱালপাৰা ছাইন্স একাডেমীৰ কাণ্ডও সংঘটিত হৈছিল সেই সময়তে৷
সেই সময়ত ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল জ্যোতি কলিতা৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপিন দাসৰ নেতৃত্বত ৮ মাৰ্চ, ২০১৮ত গঠন হৈছিল তদন্ত কমিটী৷ এই কমিটীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা অন্যান্য খেলিমেলিত জ্যোতি কলিতাৰ প্ৰতি সন্দেহৰ আঙুলি তুলিছিল৷ ইয়াৰ পাছত ২০১৮ চনৰে ২১ মাৰ্চত সংসদৰ পৰীক্ষা কমিটীৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকে জ্যোতি কলিতাক ভাৰপ্ৰাপ্ত পৰীক্ষা সচিবৰ দায়িত্বৰ পৰা অপসাৰণ কৰে৷ উল্লেখ্য, জ্যোতি কলিতা আছিল উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশাসন শাখাৰ উপ সচবি৷ আনহাতে, একেখন বৈঠকতে কমলজ্যোতি গগৈক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰে৷ তদুপৰি ২০১৮ চনৰ ২১ মাৰ্চৰ পৰীক্ষা কমিটীৰ বৈঠকে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত cid বা ভিজিলেন্সক দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷
ইয়াৰ পাছত ২০১৮ চনৰে ২৯ মাৰ্চত শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়৷ পৰীক্ষা কমিটীয়ে গ্ৰহণ কৰা প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ দায়িত্ব cid বা ভিজিলেন্সক অৰ্পণৰ প্ৰস্তাৱক অনুমোদন জনায় এই কাৰ্যনিৰ্বাহকে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে জ্যোতি কলিতাকে ধৰি আন সন্দেহজনক অভিযুক্তক বাধ্যতামূলক ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিন্তু এই বৈঠকৰ সিদ্ধান্ত আজিলৈকে সিদ্ধান্ত হৈয়ে ৰ’ল৷ কাৰ্যত ৰূপায়ণ নহ’ল৷ ৰহস্যজনকভাৱে সিদ্ধান্ত গ্ৰহণৰ এই ফাইলটোৱে নোহোৱা হৈ পৰিল৷ ক’লৈ গ’ল ফাইলটো? সন্দেহৰ আঙুলি উঠিল জ্যোতি কলিতাৰ প্ৰতি৷ কিন্তু তদানীনন্তন অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু সচিব কমলজ্যোতি গগৈ এইক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ হৈ ৰ’ল৷
ফাইলটো কি হ’ল, ক’লৈ গ’ল কোনো খোজ-খবৰ নকৰিলে এই দুগৰাকী দায়িত্বশীল বিষয়াই৷ পৰিণতিত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত কি হ’ল সেয়া সকলোৰে জ্ঞাত৷ তদন্তৰ নামত কাগজ এখিলাৰো বিচাৰ-খোঁচাৰ নহ’ল৷ ইপিনে, নতুন অধ্যক্ষৰূপে ৰুক্ম গোহাঁয় আৰু সচিবৰূপে পুলক পাটগিৰিয়ে দায়িত্ব লৈ শৰাই-গামোচাহে আগবঢ়ালে প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অন্যতম অভিযুক্ত জ্যোতি কলিতালৈ৷ তেওঁক যুটীয়া সচিবৰ পদবীলৈ পদোন্নতি দিলে ৰুক্ম গোহাঁই আৰু পুলক পাটগিৰিয়ে৷ কিয় ৰুক্ম গোহাঁয়ে তৎকালীন প্ৰশ্নকাকত খেলিমেলি কেলেংকাৰীৰ তদন্তৰ সিদ্ধান্তৰ ফাইল বিচাৰিবলৈ সাহস কৰা নাই? জ্যোতি কলিতাৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰে নেকি সংসদৰ অধ্যক্ষ, সচিবে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ