উচ্চ শিক্ষানুষ্ঠানত মুছলমান ছাত্ৰীয়ে হিজাব পৰিধান কৰিব পাৰিব নে নোৱাৰে সই বিষয়টো নিৰ্ণয় আৰু এটা সপ্তাহলৈ পিচুৱাই গ’ল৷
শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ অনুমতি বিচাৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন বিচাৰ উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰ ফলত বিতৰ্কিত বিষয়টোৰ মীমাংসা আৰু এটা সপ্তাহৰ বাবে পিচুৱাই গ’ল৷
উল্লেখ্য যে মংগলবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰ আৰম্ভ কৰিবলৈ গৈ কোনো মীমাংসা কৰিব নোৱাৰি তিনিদিনৰ বাবে কৰ্ণাটকৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ বন্ধ ৰখাৰহে নিৰ্দেশ দিয়া হৈছিল৷
ইয়াৰ পিছতে বুধবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতে এই বিষয়টো উচ্চ বিচাৰপীঠলৈ প্ৰেৰণৰ কথা ঘোষণা কৰিছে৷
‘‘মই অনুভৱ কৰিছো যে সমগ্ৰ বিষয়টো উচ্চ বিচাৰপীঠত বিচাৰ কৰাটো প্ৰয়োজন৷ চুবুৰীয়া উচ্চ ন্যায়ালয়ৰ ৰায়সমূহ পৰীক্ষা কৰি এই ৰায়ৰ বিচাৰ কৰাৰ প্ৰয়োজন আছে৷’’ ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতে কয়৷
এতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়লৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷
উল্লেখ্য যে আবেদনখন দুদিনীয়া বিচাৰৰ বাবে গ্ৰহণ কৰা হৈছিল যদিও বুধবাৰে উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ ফলত অতি কমেও আৰু এটা সপ্তাহৰ পৰা দুটা সপ্তাহৰ প্ৰয়োজন হ’ব৷
বিচাৰটোৰ ৰায় প্ৰদান দীঘলীয়া হোৱাৰ ফলত কৰ্ণাটকত পৰিস্থিতি আৰু গুৰুতৰ হোৱাৰ আশংকা আছে৷ ইতিমধ্যে কৰ্ণাটকত শিক্ষানুষ্ঠানসমূহৰ বন্ধও বৃ্দ্ধি কৰা হৈছে৷
কৰ্ণাটকৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ প্ৰতিবাদ সম্প্ৰসাৰিত হোৱাৰ পিছতে ৰাজ্যখনৰ চৰকাৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাও পৰিলক্ষিত হৈছে৷
আনহাতে কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰাটো নিষিদ্ধ কৰিছে৷ চৰকাৰে কোনো শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানৰ ২০০ মিটাৰ ব্যাসাৰ্ধত প্ৰতিবাদ কৰাতো বাদেই সমবেত হোৱাটোকো নিষিদ্ধ কৰা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ