অসম লাইভ ২৪ঃ মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত হঠাৎ আজি আলোচনাত মিলিত হ’ল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা শিক্ষামন্ত্ৰী টেমজেন ইমনা আলং। নাগালেণ্ড আৰু অসমৰ দুই সীমামুৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰা তথা ৰাজ্য দুখনৰ দুজন শাসকীয় দলৰ নেতাই হঠাৎ এইদৰে আলোচনাত মিলিত হোৱাত স্বাভাৱিকতে কৌতুহলৰ সৃষ্টি হৈছে। কিয়নো কিছুদিন পূৰ্বে নাগালেণ্ডৰ অগ্ৰাসনক লৈ সৰব হৈ পৰা ৰূপজ্যোতি কুৰ্মীক সীমান্তত অশান্তিৰ সৃষ্টি কৰা বুলি নাগালেণ্ডৰ এট ব্যক্তিগত ছেটেলাইট চেনেলত অভিযোগ উত্থাপন কৰিছিল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী টেমজেন ইমনা আলঙে।
নাগালেণ্ডৰ মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিল যে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি শাসিত ৰাজ্য দুখনৰ চৰকাৰক বদনাম কৰিবৰ বাবে সীমান্তত সদায় নতুন নতুন ইছ্যুৰ সৃষ্টি কৰি ৰাজনীতি কৰে। কিন্তু সময়ৰ প্ৰবাহ কংগ্ৰেছ এৰি ৰূপজ্যোতি কুৰ্মী হ’ল বিজেপি। সেয়ে দুই বিপৰীত মেৰুৰ নেতাৰ সলনি হ’ল সুৰ। সেয়ে হঠাৎ আজি মৰিয়নিৰ লোকনাথ বিবাহ ভৱনত মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰে আলোচনাত মিলিত হৈ মৰিয়নিৰ গাতে লাগি থকা নাগালেণ্ডৰ আলংটাকি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী টেমজেন ইমনা আলঙে কলে শান্তিপূর্ণ আলোচনাৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰা হ’ব। আনহাতে দা লৈ নগাক খেদিবলৈ যোৱা ৰূপজ্যোতি কুৰ্মীয়েও ক’লে বন্দুক বাৰুদে কোনো সমস্যা সমাধান নহয় শান্তিপূর্ণ আলোচনাৰ মাজেৰে সীমা সমস্যা সমাধান কৰা হ’ব। নাগালেণ্ডৰ মন্ত্ৰী আলঙে কয় সীমা সমস্যাৰ ওপৰত শীঘ্ৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব।ইফালে প্ৰাক্তন বিধায়ক কুৰ্মীয়ে কয় যে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বর্তমানৰ চৰকাৰৰ দৰে পূৰ্বৰ কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সীমা সমস্যা সমাধান হোৱা নাছিল। দুই নেতই ঘোষণা কৰাৰ দৰে পৰৱৰ্তী সময়ত সীমা সমস্যা শান্তিপূর্ণ সমাধান হ’বনে নহয় সেয়াহে লক্ষণীয় হ’ব। মৰিয়নিৰ পৰা দিপক দত্তৰ প্ৰতিবেদন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ