অপাৰেচন সিন্দূৰৰ হাহাকাৰৰ মাজতে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটৰ হাৰ…
৭ মে’ দেশৰ বাবে এক উল্লেখনীয় দিন, মাজনিশা অতৰ্কিতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ পেহেলগাম আক্ৰমণৰ প্ৰথমটো প্ৰতিশোধ হিচাপে ভাৰতে চলায় অপাৰেচন সিন্দূৰ অভিযান। তাৰে মাজতে অসমত অনুষ্ঠিত হৈ যায় পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
কালি পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব বিয়লি ৪-৩০ বজাৰ লগে লগে অন্ত পৰে। অৱশ্যে কোনো কোনো প্ৰান্তৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে কিছু সময় পলমকৈ অন্ত পৰে ভোটদানৰ প্ৰক্ৰিয়া।
এতিয়া ৰাজ্যৰ ৰাজনীতিত সকলোৰে অপেক্ষা ১১ মে’ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৈ। অৱশ্যে বহু সংখ্যক প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাই জয় হৈছে।
কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নিৰ্বাচন আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ দ্বিতীয় পৰ্যায়ত মুঠ ৭১ শতাংশ ভোটৰ হাৰ হয়।
দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ