বুধবাৰে দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে ধৰ্ষণত অভিযুক্ত দুই অভিযুক্তক গুলীয়াই হত্যা কৰিছে৷
গুৱাহাটী গাড়ীগাঁৱৰ কিশোৰীৰ দলৱদ্ধ ধৰ্ষণৰ পাঁচ অভিযুক্তৰ মূল অভিযুক্ত বিকি আলীক পুৱতি নিশা প্ৰায় ১ বজাত গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷
এই হত্যাৰ ২৪ টা ঘণ্টা পাৰ নৌহওঁতেই অন্য এক ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে৷
ঘটনাৰ বিৱৰণী অনুসৰি ওডালগুৰিৰ শিশু ধৰ্ষণ আৰু হত্যাত অভিযুক্ত ৰাজেশ মুণ্ডা নামৰ লোক গৰাকীক ওডালগুৰি আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে৷
লগতে পঢ়ক সংকটত পুটিন! পুটিনক যুদ্ধ অপৰাধী ঘোষণা আমেৰিকাৰ, আন্তৰ্জাতিক আদালতত হ’ব তদন্ত
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত ৰাজেশ মুণ্ডাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী বৰ্ষণ কৰে৷ আৰক্ষীৰ গুলীত অভিযুক্ত ৰাজেশ মুণ্ডাৰ থিতাতে মৃত্যু হয়৷
উল্লেখ্য যে ৰাজেশ মুণ্ডাৰ বিৰুদ্ধে এগৰাকী ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী শিশুটি যোৱা ১০ মাৰ্চত চুবুৰীয়াৰ একক বিবাহ অনুষ্ঠানৰ পৰা নিৰুদ্দেশ হৈছিল৷
ইয়াৰ পিছতে ১১ মাৰ্চত ধনশ্ৰী চাহ বাগিচাৰ শ্মশানত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ ঘটনাটোৰ পিছতে অভিযুক্ত ৰাজেশ মুণ্ডা আত্মগোপন কৰি আছিল৷
লগতে পঢ়ক OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ
আৰক্ষীয়ে মংগলবাৰে নিশা অভিযুক্ত ৰাজেশ মুণ্ডাক চাংসাৰিৰ এটা লো ফেক্টৰীৰৰ পৰা কৰায়ত্ত কৰি তদন্তৰ খাতিৰত ঘটনাস্থলীলৈ লৈ যায়৷
ঘটনা সংঘটিত স্থানলৈ লৈ যোৱাত অৱস্থাতে মাজবাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে ৰাজেশ মুণ্ডাক গুলীয়াই হত্যা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ