অসম লাইভ২৪ঃ ওদালগুৰিৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ আজৱ কাণ্ড। ব্ৰাহ্মণ সম্প্ৰদায়ৰ এজন যুৱকে এগৰাকী অসৱৰ্ণ যুৱতীক বিয়া কৰোৱাৰ অপৰাধতে মৃত পিতৃৰ শৱ দেহ কান্ধত ল’ব নিদিলে পৰিয়ালৰ লোকে। তাৰ বিপৰীতে ঘৰৰ পৰা উলিয়াই দিলে পতি পত্নীক। ঘটনাটো ওদালগুৰিৰ কলাইগাঁৱত।
প্ৰাপ্ত তথ্য অনুসৰি তিনিবছৰ পূৰ্বে প্ৰাণজিৎ শাণ্ডিল্য নামৰ যুৱকজনে এগৰাকী বৈশ্য সম্প্ৰদায়ৰ যুৱতীৰ সৈতে প্ৰেমবিবাহ কৰোৱাই। যুৱকজনৰ এই কাণ্ডত পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকল খৰ্গহস্ত হৈ পৰে আৰু লগে লগে ঘৰৰ পৰা উলিয়াই দিয়ে। যুৱকজনে অৱশেষত ঘৰৰ পৰা ওলাই যায় আৰু এটা ভাড়াঘৰত থাকিবলৈ লয়। পৰিয়ালৰ লোকেও প্ৰাণজিতৰ লগত সকলো সম্পৰ্ক ছেদ কৰে।
কিন্তু হঠাতে বিগত ২৪ জানুৱাৰীত কলাইগাঁও অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা প্ৰাণজিতৰ পিতৃ বিমল প্ৰসাদ শৰ্মাই মৃত্যুক আকোঁৱালি লয়। পিতৃৰ বিয়োগৰ বাতৰি পায় প্ৰাণজিৎ পিতৃ গৃহত উপস্থিত হয়। কিন্তু আচৰিত ধৰণে দেউতাকৰ মৃতদেহ প্ৰাণজিতক কান্ধত ল’ব নিদিলে পৰিয়ালৰ লোকে। বহু আশাৰে পিতৃক শেষ শ্ৰদ্ধা জনাবলৈ আহিছিল যদিও সেই আশা পূৰণ নহ’ল প্ৰাণজিতৰ।
তাৰ বিপৰীতে পৰিয়ালৰ লোকে বহু অপমান কৰি, সম্পৰ্ক নাই বুলি ঘৰৰ পৰা উলিয়াই দিয়ে। অৱশেষত উপাইহীন হৈ পৰে প্ৰাণজিৎ। ঘৰখনৰ একমাত্ৰ সন্তান প্ৰাণজিতে এগৰাকী অনা ব্ৰাহ্মণ বা অসবৰ্ণ যুৱতীক বিয়া কৰোৱাৰ অপৰাধতে উলিয়াই দিলে। এইদৰে অপমানিত হৈ অৱশেষত কলাইগাঁও আৰক্ষীৰ কাষ চাপিছে প্ৰাণজিৎ। প্ৰাণজিতৰ দুই খুৰাক ক্ৰমে মৌজাদাৰ কমল প্ৰসাদ শৰ্মা, ব্যৱসায়ী উৎপল শৰ্মা আৰু ভনী জোঁৱায়েক প্ৰণৱ জ্যোতি গোস্বামী আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ