প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰে৷ ৰাশিৰ ওপৰিও নক্ষত্ৰও সময়ে সময়ে পৰিবৰ্তন কৰে৷ জ্যোতিষ গণনা অনুসৰি মে মাহত স্থান পৰিবৰ্তন কৰিব শুক্ৰদেৱে৷ জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি মে মাহত ধন আৰু ঐশ্বৰ্যৰ দাতা শুক্ৰই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ যেতিয়া শুক্ৰই নক্ষত্ৰ পৰিবৰ্তন কৰিব তেতিয়া কেইবাটাও ৰাশিৰ ওপৰত ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ পৰিব পাৰে৷ কুণ্ডলীত শুক্ৰৰ শুভ দৃষ্টিয়ে ব্যক্তিক ধনী কৰি তোলে৷ ব্যক্তিক প্ৰতিটো কামতেই সাফল্য দিয়ে আৰু কষ্ট দূৰ কৰে৷
আগন্তুক ১৬ মে’ত বুধৰ নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰদেৱে৷ শুক্ৰই ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ৩১ মে পৰ্যন্ত এই ৰাশিতেই থাকিব৷ শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ ইয়াৰ ফলত বিশেষভাৱে লাভৱান হ’ব এই ৪ৰাশিৰ জাতক জাতিকা৷
বৃষ ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত ইতিবাচক প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত৷ দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়ত লাভ কৰিব৷ আৰ্থিক অৱস্থা ভাল হ’ব৷ আয়ৰ নতুন নতুন উৎস তৈয়াৰ হ’ব৷ ধন ঐশ্বৰ্য দ্ৰুত বৃদ্ধি পাব৷
কৰ্কট ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন কৰাৰ ফলত ভাল প্ৰভাৱ পৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ যানবাহন সংক্ৰান্তিয় বিষয়ত প্ৰচুৰ সাফল্য আহিব পাৰে৷ চাকৰিয়ালৰ বাবে এই সময় খুবেই ভাল৷ প্ৰতিটো কামতেই সাফল্য আৰ্জিত হ’ব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য খুলিব শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত৷ আধ্যাত্মিকতাৰ দিশত আগ্ৰহ বাঢ়িব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব পাৰে৷ ব্যৱসায়ত কোনো ডাঙৰ চুক্তি পাব পাৰে৷ আৰ্থিক অৱস্থা মজবুত হ’ব৷
মকৰ ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন কৰাৰ ফলত মকৰ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ আত্মবিশ্বাস দ্ৰুতভাৱে বৃদ্ধি পাব৷ আকস্মিক ধন লাভৰ যোগ থাকিব৷ সন্তানৰ পক্ষৰ পৰা কোনো শুভ সংবাদ পাব পাৰে৷ ইয়াৰোপৰি বুদ্ধিমত্তাত ক্ষমতা বৃদ্ধি পাব৷ ব্যৱসায় ক্ষেত্ৰত কোনো ডাঙৰ লাভ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ