২০২০ চনৰ জুনত লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় সৈন্য আৰু চীনা সৈন্যৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ সন্দৰ্ভত ফাদিল হৈছে অন্য এক বিস্ফোৰক তথ্য৷
এক বিদেশী সংবাদ পত্ৰই দাবী কৰিছে যে গালৱান সংঘৰ্ষত ৩৮ গৰাকীকৈ চীনা সেনা নদীৰ কোবাল সোঁতত উটি গৈছিল৷
এই বিস্ফোৰক দাবী কৰিছে অষ্ট্ৰেলিয়াৰ এক সংবাদ পত্ৰই৷ অষ্ট্ৰলিয়াৰ দ্য ক্লাক্সন নামৰ সংবাদ পত্ৰখনে দাবী কৰাৰ মতে গালৱান উপত্যকাৰ ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ সন্দৰ্ভত বেইজিঙে বহু তথ্য লুকুৱাই ৰাখিছে৷
সংবাদ পত্ৰখনে লগতে দাবী কৰিছে যে ২০২০ৰ ১৫ জুনত লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সৈন্য আৰু চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল আৰু উক্ত সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় সৈন্যৰ মৃত্যু ঘটিছিল৷
কিন্তু কিমান চীনা সৈন্য উক্ত সংঘৰ্ষত হতাহত হৈছিল তাৰ কোনো শুদ্ধ তথ্য প্ৰকাশ কৰা নাছিল বেইজিঙে৷ প্ৰথমে এজনো চীনা সৈন্য হতাহত হোৱা নাছিল বুলি দাবী কৰা বেইজিঙে পিছলৈ মাত্ৰ তিনিজন চীনা সৈন্যৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু বেইজিঙে প্ৰকাশ কৰা এই তথ্য কিমান শুদ্ধ?
অষ্ট্ৰেলিয়াৰ সংবাদ পত্ৰখনৰ মতে বেইজিঙে উক্ত মুখামুখি সংঘৰ্ষৰ সন্দৰ্ভত প্ৰকৃত তথ্য প্ৰকাশ কৰা নাছিল৷ দ্য ক্লাক্সন-এ প্ৰকাশ কৰা গালৱান উপত্যকা সংঘৰ্ষৰ সম্পৰ্কীয় এক অনুসন্ধামূলক প্ৰতিবেদনত দাবী কৰিছে যে ভাৰতীয় সেনাৰে হোৱা গালৱান উপত্যকাৰ মুখামুখি সংঘৰ্ষত ৩৮ গৰাকীকৈ চীনা সৈন্য গালৱান নৈৰ কোবাল সোঁতত উটি গৈছিল৷
প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে ২০২০ চনৰ ১৫ জুনত গালৱান উপত্যকাৰ বিবাদমান এলেকাত চীনে নিৰ্মাণ কৰা এটা শিবিৰ উচ্ছেদ কৰিবলৈ ভাৰতীয় সৈন্যৰ এটা দলে পিএলএ-ৰ কৰ্ণেল কি ফাৰাওক সাক্ষাৎ কৰে৷ সেই সময়তে ১৫০ গৰাকী চীনা সৈন্য আহি তাত উপস্থিত হয়৷
তেওঁলোকে ভাৰতীয় সেনাৰ সৈতে আলোচনা কৰাৰ পৰিৱৰ্তে ভাৰতীয় সেনাক আক্ৰমণ কৰে৷ ভাৰতীয় সেনাও প্ৰত্যুত্তৰত চীনা সৈন্যক আক্ৰমণ কৰে আৰু সেইদৰে দুয়ো পক্ষই হতাহতিত লিপ্ত হয়৷
সংবাদ পত্ৰখনৰ দাবী যে, উক্ত সংঘৰ্ষত ভাৰতীয় সেনাই চীনা সৈন্যৰ কৰ্ণেল ফাৰাওক আটক কৰে৷ ফাৰাওক উদ্ধাৰ কৰিবলৈ চীনা সেনাৰ এজন কামাণ্ডাৰ আৰু সেনাই ভাৰতীয় সেনাৰ ওপৰত ষ্টীলৰ পাইপ, শিল, লাঠিৰে উপৰ্যুপৰি আক্ৰমণ কৰে৷ এই আক্ৰমণত তিনি গৰাকীৰ চীনা সেনাও ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হয়৷ কাক্সনৰ মতে বেইজিঙেও এই কথা স্বীকাৰ কৰিছে৷
প্ৰতিবেদনখনৰ মতে সতীৰ্থ সেনাৰ মৃত্যু হোৱা দেখি ঘটনাস্থলীৰ পৰা ঘন অন্ধকাৰত চীনা সৈন্যই দৌৰি পলাবলৈ আৰম্ভ কৰে৷ ত্ৰস্তমান চীনা সেনাই প্ৰাণ ৰক্ষা কৰিবলৈ গালৱান নদীত জঁপিয়াই দিয়ে আৰু ইয়াৰ মাজৰে ৩৮ গৰাকী চীনা সৈন্য খৰস্ৰোতা পাহাৰীয়া গালৱান নদীৰ সোঁতত উটি যায়৷
অষ্ট্ৰেলিয়ান সংবাদ পত্ৰ দ্য কাক্সন-ৰ এই দাবীৰ পিছতে বেইজিঙে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ