ডিজিটেল ডেস্কঃ হাতত ধন থাকিলেই খৰচ হৈ যায় নেকি আপোনাৰ! যদিহে এনে হয়, তেন্তে কিছু সংযম ৰাশি দিনে জমা কৰক মাত্ৰ ৭টকা। দিনে ৭টকাকৈ জমা কৰিলে এক নিৰ্দিষ্টসময়ৰ মূৰত আপুনি মাহে লাভ কৰিব প্ৰায় ৫হাজাৰকৈ টকা। এয়া কোনো আচৰিত হব লগা আঁচনি নহয়, এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। Atal Pension Scheme নামেৰে এই আচঁনিখন কেন্দ্ৰীয় চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত মুকলি কৰিছিল।
এই বিশেষ স্কীমখনৰ যোগেদি এগৰাকী লোকে ১৮বছৰৰ পাছত যদিহে প্ৰতিদিনে ৭টকাকৈ জমা কৰে তেন্তে ৬০বছৰৰ পাছত তেওঁ লাভ কৰিব ১০০০টকাৰ পৰা ৫০০০টকা পৰ্যন্ত পেঞ্চন। ২০১৫চনতে আৰম্ভ কৰা এই স্কীমখনৰ যোগেদি এতিয়ালৈকে দেশৰ প্ৰায় ৬কোটিৰো অধিক লোক লাভৱান হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, এগৰাকী ব্যক্তিয়ে কিমান টকাকৈ দিনে জমা কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁ মাহিলী কিমান টকা পেঞ্চন হিচাপে লাভ কৰিব পাৰে।
পেঞ্চন ফাণ্ড ৰেগুলাৰেটী এণ্ড ডেভেলপমেন্ট অৰ্থৰিটীয়ে সদৰি কৰা অনুসৰি, এগৰাকী লোকে ১৮বছৰৰ পাছত দৈনিক ৭টকাকৈ জমা কৰিলেই লাভ কৰিব ৫হাজাৰ টকাৰ মাহিলী পেঞ্চন। এদিনত ৭টকাকৈ মাহিলী আপুনি ২১০টকাকৈ জমা কৰিব লাগিব। এগৰাকী ব্যক্তিয়ে ৪২বছৰৰ লৈকে এনেদৰে ধন জমা থলে ৬০বছৰৰ পাছত এগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫হাজাৰ টকাৰ পেঞ্চন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ