বিশ্বৰ প্ৰথম দেশ হিচাপে অনূৰ্ধ্ব ১৬ কিশোৰ-কিশোৰীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছে অষ্ট্ৰেলিয়াই৷ বিগত বছৰৰ নৱেম্বৰত সেই দেশৰ হাউছ অফ ৰিপ্ৰেজেণ্টেটিভছত পাছ হৈছিল ঐতিহাসিক এক বিল৷ অৱশেষত বিগত বুধবাৰ ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰ হৈ গৈছে এই আইন৷ কোনো প্ৰতিষ্ঠানে এই আইন নামানিলে সৰ্বোচ্চ ৫০ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা দিব লাগিব৷ ভাৰতীয় মুদ্ৰাত যি ৩০০ কোটি টকাতকৈয়ো বেছি৷ এই জৰিমনা অৱশ্যে নাবালকে বা অভিভাৱকে ভৰিব নালাগে৷ এই জৰিমনা বিহিব সংস্থাসমূহৰ ওপৰতহে৷
সাম্প্ৰতিক সময়ত বহু নাবালক-নাবালিকাৰ অভিভাৱকে জনাইছে যে ছাইবাৰ বুলিঙৰ চিকাৰ হোৱাৰ কাৰণেই বহুতে আত্মহননৰ পথ বাচি লৈছে৷ যদিও বহুতৰে দাবী উঠিছে যে ছচিয়েল মিডিয়া নিষিদ্ধ হলে কমবয়সীয়াসকলৰ কণ্ঠ ৰোধ কৰা হব৷ কিন্তু অভিভাৱকৰ মত যে অনলাইন দুনীয়াত নিৰাপদে থকাটো কিশোৰ কিশোৰীসকলৰ বাবে ক্ৰমে বিপজ্জনক হৈ উঠিছে৷ ইফালে কিশোৰ-কিশোৰীসকলৰো একাংশৰ দাবী আছিল যে ইয়াৰ ফলত সামাজিক আৰু পাৰিবাৰিক যোগাযোগ ক্ষতিগ্ৰস্থ হৈছে৷ কিন্তু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজে পূৰ্বেই জনাইছে যে এই আইন অনাৰ প্ৰস্তাৱ পেছ কৰিবই৷ অৱশেষত ১০ ডিচেম্বৰত এই বিল পাছ হয়৷ প্ৰধানমন্ত্ৰী এণ্টনী আলবানেজৰ লেবাৰ চৰকাৰে বিলখন পেছ কৰাৰ পাছত তেওঁৰ পক্ষে ভোট পৰে ১০২টা৷ বিপক্ষে মাত্ৰ ১৩টা ভোটহে পৰে৷
উল্লেখ্য যে টিকটক আৰু ইনষ্ট্ৰাগ্ৰামতো নিষেধাজ্ঞা আছে অষ্ট্ৰেলিয়াত৷ ইউটিউব কিডছৰ দৰে মাধ্যম অৱশ্যে এৰি দিয়া হৈছে৷ আইন কাৰ্যকৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াত আৰম্ভ হৈছে প্ৰতিবাদ৷ ইতিমধ্যেই নিউ চাউথ ৱেলছৰ কিশোৰ-কিশোৰীয়েও এই আইনৰ দ্বাৰস্থ হৈছে৷ ইফালে সমগ্ৰ বিশ্বতেই আলোচনা আৰম্ভ হৈছে বিষয়টোক লৈ৷ এইবাৰ অন্যান্য দেশেো এই পথ অৱলম্বন কৰিব বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















