অনিয়ন্ত্ৰিত জীৱনশৈলী, অনিয়মীয়া খাদ্যাভ্যাস আদি বিভিন্ন কাৰণত তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। কলেষ্টেৰল বৃদ্ধি কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।
ট্ৰু কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, এইচ ডি এল আৰু এল ডি এল— এই চাৰিটাই কলেষ্টেৰল পৰিয়াল গঠন কৰে। বহুতে বিশ্বাস কৰে যে অধিক চৰ্বিযুক্ত খাদ্য খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। এই ধাৰণা সকলো ক্ষেত্ৰতে শুদ্ধ নহয়।
কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’ব নে নহয় সেয়া নিৰ্ভৰ কৰে শৰীৰৰ বিপাকীয় হাৰত। কাৰোবাৰ ডায়েবেটিছ হ’লে কলেষ্টেৰলৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। হাৰ্ট এটেকৰ অন্যতম প্ৰধান কাৰণ হ’ল কলেষ্টেৰল। হৃদৰোগৰ সম্ভাৱনা কম কৰিবলৈ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগিব।
লগতে পঢ়ক মাতৃ গৃহৰ পৰা উভতি নাহে পত্নী! বেজাৰতে ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠিল স্বামী
শেহতীয়াকৈ কৰা এক অধ্যয়নত কোৱা হৈছে যে যদি আপুনি দৈনন্দিন খাদ্যত এভোকেডো ৰাখে তেন্তে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকিব। ইয়াৰ ফলত বহুত কেলৰি পোৱা যায়। উচ্চ আঁহযুক্ত এভোকেডোৱে কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰে।
এভোকেডোত কেৰটিনয়ডৰ দৰে কেইবাটাও খনিজ পদাৰ্থ থাকে। ইয়াত ভিটামিন চি আৰু ইও থাকে। অধ্যয়নত দেখা গৈছে যে দিনটোত এভোকেডো খালে কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব পাৰে। শৰীৰত থকা বেয়া কলেষ্টেৰল নামৰ এইচ ডি এলৰ মাত্ৰা হ্ৰাস কৰাত এভোকেডোও ভাল।
লগতে পঢ়ক ভাইৰেল শিশুৰ ৰ’কডান্স ভিডিঅ’, চাইকেলৰ পৰা পৰি কেনেকৈ ৰ’কডান্স কৰিলে চাওক…
কলেষ্টেৰল কমোৱাৰ উপৰিও ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ যত্ন ল’বলৈও এভোকেডো ব্যৱহাৰ কৰিব পাৰি। এই ফল প্ৰধানকৈ বিদেশী মাটিত খেতি কৰা হয়। কিন্তু এতিয়া আমাৰ দেশতো উপলব্ধ হৈছে।
ডিপাৰ্টমেণ্টেল ষ্ট’ৰত অলপ সন্ধান কৰিলেই এই ফল বিচাৰি পাব। ইয়াৰ উপৰিও অনলাইনত এভোকেডোও কিনিব পাৰিব। এক কেজিৰ দাম প্ৰায় ১৮০-২০০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ