সমগ্ৰ বিশ্বতে মাংকি পক্সৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইফালে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰেইছাছে পৰামৰ্শ দিছে যে যিসকল পুৰুষৰ মাংকি পক্সৰ সংক্ৰমণৰ আশংকা আছে তেওঁলোকে আপাততঃ যৌন সংগীৰ সংখ্যা সীমিত কৰা উচিত।
উল্লেখ্য যে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্স মহামাৰীক বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৭৮ খন দেশত ১৮ হাজাৰৰো অধিক লোক মাংকি পক্সত আক্ৰান্ত হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশই ইউৰোপৰ৷ বিশেষকৈ পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ ক্ষেত্ৰত ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক কি অদ্ভুত পেচা! চ্যুইংগাম চুবাই মাহে ৬৭ হাজাৰ উপাৰ্জন যুৱতীৰ! কেনেকৈ সম্ভৱ?
বৰ্তমান ভাৰতত ৪ গৰাকী লোক আক্ৰান্ত হৈছে। এই ৪ জনৰ ভিতৰত কেৰালাত ৩ জন আৰু দিল্লীত এজন লোক আক্ৰান্ত হৈছে।
সাধাৰণতে জ্বৰ, মূৰৰ বিষ, তিনি সপ্তাহ ধৰি ফোহা, ডিঙিৰ বিষ, কাহ আৰু ফোহা আদি হৈছে মাংকি পক্সৰ লক্ষণ। ইয়াৰ উপৰিও ইয়াৰ আন আন লক্ষণ হৈছেল ঘাঁ, যিবোৰ সাধাৰণতে জ্বৰ আৰম্ভ হোৱাৰ পিছত এদিনৰ পৰা তিনিদিনৰ ভিতৰত আৰম্ভ হয় আৰু প্ৰায় দুসপ্তাহৰ পৰা চাৰি সপ্তাহলৈকে থাকে৷ চিকিৎসা অব্যাহত নোহোৱালৈকে প্ৰায়ে বিষাক্ত হয়।
‘নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত প্ৰকাশিত এক গৱেষণাৰ মতে, ৯৫ শতাংশ ৰোগী যৌন কাৰ্যকলাপৰ জৰিয়তে মাংকি পক্সৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু আক্ৰান্তসকলৰ ৯৮ শতাংশ সমকামী বা বাইচেক্সুৱেল (পুৰুষ আৰু মহিলা উভয়ৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰা) পুৰুষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ