২০১৪ চনত ‘মিছিং’, ‘চিষ্টাৰ’ আৰু ‘দ্য ডাইভাৰ্জেণ্ট’ৰ দৰে আমেৰিকান টিভি শ্ব’ৰে বিখ্যাত হোৱা ৪৮ বছৰীয়া হলিউডৰ অভিনেত্ৰী এছলী জুডে কেইবছৰমান পূৰ্বে নিজৰ জীৱনৰ সৈতে জড়িত এক চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিছিল।
এছলীয়ে জনোৱা মতে, ৭ বছৰ বয়সত তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰ পিছত ১৯৯৮ চনত ১৪ বছৰ বয়সত ধৰ্ষণ কৰা হৈছিল। নিজৰ সেই ভয়ংকৰ অতীত প্ৰকাশ কৰি এছলীয়ে কৈছিল যে ‘মোক চোৰাংভাৱে সৰবৰাহ নকৰাটোহে এটা আচৰিত কথা আছিল৷’
শেহতীয়াকৈ এছলীয়ে তেওঁৰ ধৰ্ষণকাৰীৰ সৈতে ‘পুনৰুদ্ধাৰমূলক-ন্যায়ৰ কথোপকথন’ৰ অধীনত কথা পাতিছিল। এছলীয়ে তেওঁৰ ধৰ্ষণকাৰীৰ লগত কথা পাতিব বিচাৰিছিল আৰু অতি সহজেই অভিনেত্ৰীগৰাকীয়ে সেই অভিযুক্তৰে সাক্ষাৎ ঘটিছিল।
লগতে পঢ়ক ‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?
প’ডকাষ্টত প্ৰকাশ পোৱা তেওঁলোকৰ বাৰ্তালাপটোত অভিনেত্ৰী এছলীয়ে কয় যে আমি সৰু নৈ এখনৰ পাৰত এখন ৰকিং চকীত বহি কথা পাতিছিলো।
এছলীয়ে ধৰ্ষণকাৰীগৰাকীক সুধিলে- ‘আপুনি বহু বছৰ পূৰ্বে মোৰ সৈতে কৰা সেই জঘন্য কাণ্ডৰ বিষয়ে আপোনাৰ মুখৰ পৰা শুনিব বিচাৰো আৰু সেই বিষয়েও আমি ন্যায়িক কথা-বতৰাও পাতিব খুজো৷’ এছলীয়ে লগতে কয় যে ‘মই মোৰ কাহিনীটো শ্বেয়াৰ কৰিব বিচাৰিছো কাৰণ ই হৈছে মোৰ সেই যন্ত্ৰণা দূৰ কৰাৰ এটা উপায়৷’’ অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক লগতে কয় যে সেই জঘন্য কাণ্ড সংঘটিত কৰিলেও মই তেওঁৰ পৰা একো বিচৰা নাছিলো।
ধৰ্ষণকাৰীজনে প্ৰকাশ কৰিছিল যে সেই কাম কৰি তেওঁ অনুশোচনাত ভুগি আহিছে৷ তেওঁৰ মতে অনুশোচনা কৰাৰ বাহিৰে এই দুৰ্ভাগ্যজনক ঘটনাটোৱে জন্ম দিয়া যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ আৰু কোনো পথ নাই৷
লগতে পঢ়ক কলেষ্টেৰলৰ সমস্যাত ভুগিছে নেকি? কি ফল খালে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি?
এছলীয়ে আৰু কয় যে, ‘‘মই জানিছিলো যে তেওঁৰ লগত কথা পাতি মই একো অৰ্জন নকৰো, আৰু সেয়া কৰাটো অতি কঠিন হ’ব, কিন্তু তথাপিও মই তেওঁক লগ কৰিব বিচাৰিছিলো। এই যন্ত্ৰণা অতিক্ৰম কৰিবলৈ মোৰ সময় আছিল আৰু সুযোগ পাইছিলো কিন্তু বহুতে সেয়া নাপায়।’’
এছলীয়ে কোৱাৰ মতে সেই আঘাতৰ পৰা ওলাই আহিবলৈ তেওঁক ৯ বছৰো অধিক সময় লাগিল৷ এছলীয়ে কয় যে তেওঁ তিনিবাৰকৈ ধৰ্ষণৰ পৰা ৰক্ষা পোৱা এগৰাকী মহিলা। আৰু কেন্টাকিৰ আইন অনুসৰি ধৰ্ষণৰ পিছত যদি আপুনি গৰ্ভৱতী হয়, তেন্তে আপোনাৰ ধৰ্ষণকাৰীয়ে সহপিতৃ-মাতৃৰ অধিকাৰ পায়। এছলীয়ে কয় যে মোৰ ভাগ্য ভাল আছিল যে মই গৰ্ভপাত কৰাৰ সুযোগ পাইছিলো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ