পত্নীৰে বিবাহ বিচ্ছেদ সংক্ৰান্ত্ৰীয় বাতৰিৰ পিছতে সামাজিক মাধ্যমৰ চৰ্চা কেন্দ্ৰ বিন্দু হৈ আছে ৰাজ্যৰ এজন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া৷
পত্নীয়ে সংবাদ মাধ্যমৰ আগত সাংবাদিক নিতুমণি শইকীয়াৰ এখন বিলাসী বাহনৰ লগতে তিনিটাকৈ বিলাসী ফ্লেট থকাৰ কথা সদৰী কৰিছিল৷ লগতে তেওঁ উল্লেখ কৰিছিল যে তিনিটাক বিলাসী ফ্লেট থকাৰ পিছতো সাংবাদিক নিতুমণি শইকীয়াই হাউছিঙৰ ফ্লেট দখল কৰি আহিছে৷
ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয়৷ ৰাজ্যৰ নেট-নাগৰিকে এখন বিলাসী বাহন আৰু তিনিটাকৈ বিলাসী ফ্লেটৰগৰাকী হোৱাৰ পিছতো কি যুক্তিত সাংবাদিক নিতুমণি শইকীয়াই হাউছিঙৰ ফ্লেট দখল কৰি আছে সেই প্ৰশ্ন উত্থাপন কৰে৷
লগতে পঢ়ক অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!
আজি সম্বোধন কৰা এক সংবাদ মেলত সাংবাদিক নিতুমণি শইকীয়াই দাবী কৰে যে তেওঁ তিনিটা বিলাসী ফ্লেটৰ গৰাকী নহয় আৰু তেওঁৰ ফ্লেটটো এতিয়াও নিৰ্মীয়মাণ অৱস্থাতে আছে৷ আনহাতে হাউছিঙৰ ফ্লেটটো দখল কৰাৰ বিনিময়ত তেওঁ ভাৰা পৰিশোধ কৰি থকা বুলিও দাবী কৰে৷
নিতুমণি শইকীয়াৰ লগতে কয়- ‘‘মোৰ পত্নীয়ে কোৱা দৰে মোৰ কোনো ৩টা তিনিটা ফ্লেট নাই। মোৰ এটা মাত্ৰ ফ্লেট আছে, তাকো সেইটোৰ নিৰ্মাণ কৰি থকা হৈছে। আধাকৈ বনোৱা ঘৰ এটাত থাকিব নোৱাৰাৰ কাৰণেই মই হাউছিঙৰ ঘৰত আছো। এই ফ্লেটটো যেতিয়া নিৰ্মাণ শেষ হ’ব তেতিয়া মই হাউছিঙৰ ঘৰটো এৰি দিম। সেইকণ নৈতিকতা মোৰ আছে। মই নিৰ্মাণ কৰি থকা ফ্লেটটো হৈছে ২৩০০ স্কোৱাৰ ফিটৰ। আৰু সেই ফ্লেটটোৰ মূল্য ৬২ লাখ টকা। সেই ফ্লেটটো ঋণ লৈহে কৰিছো।’’
ইফালে বিলাসী বাহনখন ক্ৰয় কৰাৰ সন্দৰ্ভটো সাংবাদিক নিতুমণি শইকীয়াই কয় যে ‘‘মই প্ৰথমখন গাড়ী ঋণ লৈছিলো আৰু সেই সময়ত মোৰ শ্ৰদ্ধাৰ বৌ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মোক ৫ লাখ টকা দিছিল। ইয়াৰ পিছতে মই ২৭ লাখ টকাৰ ফৰচুনাৰ গাড়ীখনো ঋণ লৈ কিনিছো।’’
লগতে পঢ়ক অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!
‘‘যিসকলে ভাবি আছে যে মই মোৰ বাহন আৰু ঘৰ কাৰোবাৰ পৰা উপহাৰ হিচাপে লাভ কৰিছো তেওলোকক মই প্ৰত্যাহ্বান জনাই কও যে, অসমৰ এজন মানুহৰ পৰাও মই ১ টকা ঘোচ লোৱা বুলি প্ৰমাণ দিব পাৰে তেন্তে মই সাংবাদিকতা এৰি পথাৰত হাল বাম।’’ সাংবাদিক নিতুমণি শইকীয়াই কয়৷
উল্লেখ্য যে সাংবাদিকগৰাকীৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে নিতুমণি শইকীয়াৰ তিনিটাকৈ ফ্লেট আছে আৰু তাৰে এটা তেওঁলোকৰ কন্যাৰ নামত লিখি দিবলৈ পত্নীৰ ফালৰ পৰা দাবী কৰা হৈছে৷
অৱশ্যে সাংবাদিক নিতুমণি শইকীয়াই সংবাদ মেলৰ যোগেদি তেওঁৰ পত্নীয়ে সদৰী কৰাৰ দৰে তেওঁ সম্পত্তিৰ অধিকাৰী নহয় বুলিহে দাবীহে কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ