আজি শাওনৰ শনিবাৰে ভুলতো ক্ৰয় নকৰিব এই কেইবিধ সামগ্ৰী
ভগৱান শিৱৰ অতিকে প্ৰিয় শাওন মাহ চলি আছে এতিয়া। এই শাওন মাহত ভগৱান শিৱক পূজা কৰা হয়। পাছে এই শাওন মাহৰ শনিবাৰে বজাৰলৈ যোৱাৰ পূৰ্বে কিছু সাৱধান হওক। যদি ভুলতো কিছু সামগ্ৰী ক্ৰয় কৰে তেন্তে শনি দেৱৰ পৰা সাৰিব নোৱাৰিব।
শাওনৰ শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় নকৰিব। লোহাৰ বাচন, গজাল বা অন্য কোনো লোহাৰ সামগ্ৰী নিকিনিব।
চামৰাৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক। চামৰাৰ জোতা, বেগ, বেল্ট আদি কোনো ধৰণৰ সামগ্ৰী ক্ৰয় নকৰিব শনিবাৰে।
তেল- শাওনৰ শনিবাৰে তেল কেতিয়াও কিনি আনিব নালাগে। কিয়নো শনিবাৰে শনি দেৱতাক তেল অৰ্পন কৰা হয়। অন্যথা তেল দান কৰা হয়। সেয়ে ঘৰলৈ শনিবাৰে তেল আনিব নালাগে।
নিমখ- শাওনৰ শনিবাৰে নিমখ কেতিয়াও কিনিব নালাগে। শনিবাৰে নিমখ কিনি ঘৰলৈ আনিলে পৰিয়ালৰ মাজৰ সম্পৰ্কৰ মাজত বেয়া প্ৰভাৱ পৰে বুলি বিশ্বাস কৰে। তাৰোপৰি ঘৰত আৰ্থিক সংকটেও দেখা দিয়ে বুলি বিশ্বাস কৰে।
কোনো ধৰণৰ ধাৰ থকা সামগ্ৰী ক্ৰয় নকৰিব শাওনৰ শনিবাৰে। যিমানেই প্ৰয়োজন নহওক কিয় চুৰি, কটাৰি, বেজি আদি কোনো ধৰণৰ সামগ্ৰী ক্ৰয় নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ