অসম লাইভ২৪ঃ এটা চাকি নুমালেই দুচকুত উজ্বলে আশাৰ প্ৰদীপ৷ ১২ লাখ প্ৰদীপেও অযোধ্যাক উজ্বলাই তুলিব নোৱাৰিলে৷ ৰামনগৰীতেই আকৌ এবাৰ দাৰিদ্ৰতাক উপলুঙা কৰাৰ ছবি উজ্বলি উঠিল৷ ১২ লাখ চাকিৰ তলত ঘোৰ অন্ধকাৰ৷ ৰূঢ় বাস্তৱ ফুটি উঠিল ৰামনগৰী অযোধ্যাত। নিৰ্বাচনৰ প্ৰাকক্ষণত স্মৰণীয় দেৱালী উদযাপনৰ পৰিকল্পনা সঠিকভাৱেই কৰিছিল যোগী চৰকাৰে।
১২ লাখ প্ৰদীপেৰে সৰযূ নদীৰ পাৰ ক্ষন্তেক সময় পোহৰ হ’ল৷ গিনিজ বুক অৱ ৰেকৰ্ডছো আহিল যোগীৰ হাতলৈ৷ কিন্তু কেইটিমান শিশুৱে চাকিৰ মাজে মাজে টেমা লৈ ঘূৰি ফুৰাৰ দৃশ্যই হতাশ কৰি তুলিলে বহুজনক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগীক প্ৰশংসা কৰিলেও, নেটিজেনে এই ছবি দেখি প্ৰশংসা কৰিব পৰা নাই যোগীক৷ শিশুৰ পৰা গৰ্ভৱতী মহিলালৈকে৷ এই ভাইৰেল ভিডিঅ’ই সকলোকেই হতাশ কৰিছে৷ সকলোৰে হাতে হাতে একোটা বাচন৷ আৰক্ষীয়ে বাৰে বাৰে খেদিছে কিন্তু উভতি উভতি আহে৷ অৱশেষত কঠোৰ হৈ পৰিল আৰক্ষীও৷
আৰক্ষীৰ কঠোৰতাৰ বিপৰীতে এগৰাকী হাতযোৰ কৰিছে এগৰাকী মহিলাই কৈছে, ‘অনুগ্ৰহ কৰি আমাৰ নেখেদিব৷ আমাক নামাৰিব৷ এইখিনি তেলেৰে আমি খাবৰ বাবেহে গোটাইছো৷ আমি বহুদিন তেল ক্ৰয় কৰি এসাজ ভালকৈ খাব পৰা নাই৷
দাৰিদ্ৰতাৰ এই ছবি দাঙি ধৰিছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও। অখিলেশ যাদৱে এই ছবি শ্বেয়াৰ কৰি লিখিছে, ‘দেৱত্বৰ মাজত দাৰিদ্ৰ৷ দাৰিদ্ৰতাই প্ৰদীপৰ পৰাও তেল সংগ্ৰহ কৰিবলৈ বাধ্য কৰাইছে৷ এই নিৰ্মোহ বাস্তৱ দেখিও কেনেকৈ জ্বলিব আশাৰ প্ৰদীপ? অভাৱী লোকৰ ঘৰত প্ৰদীপ জ্বলিলেহে দিৱালী উৎসৱমুখৰ হ’ব৷’
মাটি চাকিৰ পোহৰে উজ্বলাই থাকিলেও অভাৱ নামৰ দৈত্যই অন্ধকাৰেই কৰি ৰাখিছে অযোধ্যাক। সামাজিক মাধ্যমত ভাইৰেল ছবি দেখি প্ৰায়সংখ্যকেই কৈছে, তেলৰ আকাশলংঘী মূল্যৰ বাবে তেল ক্ৰয় কৰি খাব নোৱাৰিয়েই লাজ মান কাতি কৰি তেল সংগ্ৰহ কৰিছে এইসকল ব্যক্তিয়ে। ১২ লাখ প্ৰদীপ জ্বলাবলৈ ৩৬ হাজাৰ লিটাৰ তেল পুৰিছে যোগী চৰকাৰে৷ অথচ উত্তৰ প্ৰদেশৰ ৩০ শতাংশ মানুহেই অভাৱৰ বাবে তেল খাব নোৱাৰে৷ উত্তৰ প্ৰদেশৰ অৰ্ধেক শিশুৱেই অভাৱৰ বাবে পুষ্টিকৰ খাদ্য খাব নোৱাৰে৷ তাৰপিছতো এই আয়োজনেৰে অভাৱী মানুহকেই উপলুঙা কৰিছে যোগীয়ে৷
যোগীক এই কথাৰে সমালোচনা কৰিছে প্ৰায়সংখ্যক নেটিজেনেই৷ প্ৰায়সংখ্যকেই সামাজিক মাধ্যমত যোগীক সুধিছে, ‘৩৬ হাজাৰ লিটাৰ তেল কৰ পৰা ক্ৰয় কৰিছে যোগীয়ে?
এই তেল নিশ্চয় ভেজাল তেলেই হ’ব৷ এই তেলেৰে তেওঁলোকে এসাঁজ তৃপ্তিৰে খালেও পেটৰ অপকাৰ হ’ব৷ এই তেল খাই হাস্পতালত ভৰ্তী হোৱা শিশু মহিলাৰ দায়িত্ব যোগীয়ে ল’বনে?’ ২০১৭ চনত যোগী শাসনলৈ আহোতে উত্তৰ প্ৰদেশত তেলৰ দাম আছিল ৭০ টকা লিটাৰ। মাত্ৰ ৪ বছৰৰ ব্যৱধানত উত্তৰপ্ৰদেশত সেই তেলৰ দাম এতিয়া ২০০ৰ পৰা ২৬৫টকা। সৰযূ নদীৰ পাৰত বতাহ বলি থকাৰ বাবে চাকিসমূহ বেছিক্ষণ জ্বলি থকা নাছিল। নুমাই যোৱা চাকিসমূহ হৈ পৰিছিল বহুতৰে আশাৰ পোহৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ