আজিৰে পৰা উজলি উঠিল ৰামনগৰী, চাওক বিশেষ ভিডিঅ’
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত আয়োধ্যাত এয়া প্ৰথম পোহৰৰ উৎসৱ। প্ৰতিবছৰৰ দৰে এইবাৰো পুনৰ বিশ্ব ৰেকৰ্ডৰ দিশে আয়োধ্যা। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ স্থাপন কৰিব আন এক অভিলেখ। আজিৰে পৰা চাকিৰ পোহৰেৰে জকমকাই উঠিছে উত্তৰ প্ৰদেশৰ আয়োধ্যা নগৰ।
https://x.com/AHindinews/status/1851615210811093143
এইবাৰ ২৮ লাখ চাকিৰে সৰযু নদীৰ ঘাট উজলাই তুলিবলৈ সাজু হৈছে আয়োধ্যা । ইতিমধ্যে নদীৰ ঘাটত লাইট আৰু লেজাৰৰ শ্ব’ আৰম্ভ হৈছে। বিশেষ লাইটৰ প্ৰদৰ্শনীৰে আৰম্ভ হৈছে ৰামলালাৰ কথা। ৰং-বিৰঙী চাকিয়ে চাৰিওদিশ উজলাই তুলিছে।
https://x.com/AHindinews/status/1851611181552959685
মানুহেৰে ভৰি পৰিছে সৰযু নদীৰ ঘাট। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে একেলগে সৰযু নদীৰ ঘাটত সন্ধিয়া আৰতী কৰে।
https://x.com/AHindinews/status/1851605686842794335
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ