দেওবাৰ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যদেৱৰ দিন৷ আজি ২৯ জুনত সেয়ে সূৰ্যৰ আশীৰ্বাদ থাকিব৷ আজিৰ দিনটো অন্য এক কাৰণতো খুবেই গুৰুত্বপূৰ্ণ৷ আজি পঞ্জিকা অনুসৰি বজ্ৰ যোগৰ সৃষ্টি হৈছে৷ জ্যোতিষমতে সকলো শুভ গ্ৰহই প্ৰথম আৰু সপ্তম ঘৰত থাকিলে আৰু অশুভ গ্ৰহ চতুৰ্থ আৰু দশম ঘৰত থাকিলে এই যোগ তৈয়াৰ হয়৷ বজ্ৰ যোগ মাৰাত্মক শক্তিশালী এক অৱস্থান৷ এই যোগৰ প্রভাৱত কোনো কোনো ৰাশিৰ জীৱনলৈ নামি আহিব পাৰে সমস্যাৰ কৰাল গ্ৰাস৷
মেষ ৰাশি
মঙ্গল আৰু ৰাহুৰ যুগল প্ৰভাৱত আজি খং, উগ্ৰতা আৰু ভুল সিদ্ধান্ত লোৱাৰ আশংকা বেছি৷ নিজৰ মেজাজ নিয়ন্ত্ৰণত ৰখাই শ্ৰেয়৷ যানবাহন চলাওঁতে সাবধান হওক৷ ৰাস্তাই ঘাটে কাজিয়া পেছালত নোহোমাব অন্যথা ক্ষতি আপোনাৰেই হব৷ দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে৷
সিংহ ৰাশি
কৰ্মক্ষেত্ৰত আজি অৰ্থনৈতিক চাপ আহিব পাৰে৷ বহু দিন ধৰি চেষ্টা কৰিও সফল হোৱা নাই বাবে আজি মানসিকভাৱে ক্লান্ত হৈ পৰিব পাৰে৷ কোনো বৃহৎ বিনিয়োগ বা ঋণ লোৱাৰ সিদ্ধান্ত আজি এৰাই চলাটোৱেই মংগল৷ অনিদ্ৰা বা চকুৰ সমস্যাত ভূগিব পাৰে৷
ধনু ৰাশি
আজি সামাজিক সন্মানহানিৰ সম্ভাৱনা আছে৷ কামত প্ৰকাশ্যে বিবাদ এৰাই চলক৷ কৰ্মস্থানত প্ৰতিপক্ষ সক্ৰিয় হব পাৰে৷ ভুল বুজাবুজি তৈয়াৰ হব৷ ৰাজনীতিৰ সৈতে যুক্ত থাকিলে অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হব পাৰে৷ দূৰত্ব বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















